পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হিচাপে। উল্লেখযোগ্য যে সুৰেন্দ্ৰ মোহন দাসৰ জীয়েকৰ ফালৰ নাতিনী বৰ্তমানৰ স্বনামধন্য গায়িকা সংগীতা কাকতী। এইবোৰ ১৯২৫-২৬ চন মানৰ কথা। দেউতাৰ মৃত্যুৰ পিছত তেওঁৰ ফাইলৰ একেখন কাগজতে দিয়া দুয়োগৰাকীৰ নিযুক্তিপত্ৰখন পাইছিলো। তেতিয়াৰ দিনত তেওঁলোকৰ মাহিলী দৰমহা আছিল দুশ টকাকৈ। কি যে সস্তাৰ দিন আছিল তেতিয়া! দুশ টকা দৰমহা পোৱা সুপাত্ৰৰ বাবে ছোৱালীৰ আকাল নাছিল। তাতে গ্ৰেজুৱেট পাত্ৰ। অৱশেষত গোৱালপাৰা হাইস্কুলৰ শিক্ষক কেশৱ চন্দ্ৰ চৌধুৰীৰ বৰজীয়ৰী চৈধ্য বছৰীয়া পৰমা সুন্দৰী নীহাৰিকাৰ সৈতে দেউতাৰ বিবাহ হয়। শুনা কথাবোৰ লিখি নৰখা কাৰণে সঠিক তাৰিখ দিয়া অসম্ভৱ হৈছে। সেইবাবে আন্দাজ কৰিয়ে কওঁ তেওঁলোকৰ বিয়া হৈছিল ১৯২৫-২৬ চন মানত।

 দম্পতীহালৰ পাঁচজনী ছোৱালীৰ ভিতৰত বাইদেউ অনিতাৰ পিছত মোৰ জন্ম। কুৰি বছৰ বয়সতে মা দুজনী ছোৱালীৰ মাতৃ। মই ওপজাৰ তিনি মাহমান আগতে দেউতাৰ কাজিন ডাঃ ভূৱন চন্দ্ৰ দাসৰ পত্নী অৰ্থাৎ আমাৰ খুড়াদেউৰ এটা ল’ৰা হৈছিল। বাইদেউ অনিতা সেই সময়ত তিনি বছৰীয়া ছোৱালী। ভাই এটা হোৱা শুনি তাইৰ বিৰাট খং। তেতিয়াই তাই চৰমপন্থী নাৰীবাদী, পুৰুষ ঘৃণাৰ পাত্ৰ! পাৰিলে কেঁচুৱাটোক পেলাই দিয়াৰ ইচ্ছা। সকলোৰে চিন্তা হ’ল। তিনি মাহমান পিছত খুড়াহঁত তেওঁৰ কৰ্মস্থলীলৈ যাব, কিন্তু মাৰ যদি ল’ৰা এটা হয় অৰ্থাৎ মই যদি ল’ৰা হওঁ তাই হয়তো বিছনাৰ পৰা কোনোবা মুহূৰ্তত ঠেলা মাৰি মোক বগৰাই দিব। ভাবি-চিন্তি কোনোবাই পৰামৰ্শ দিলে ভাইটিটোৰ কেথাৰ তলত লজেন্স-বিস্কুট ৰাখিবলৈ। পুৰুষবিদ্বেষীজনীয়ে যাতে ভাবে ভাইবোৰে বজাৰৰ পৰা ভাল ভাল খোৱা বস্তু আনি দিব পাৰে। লজেন্স-টফী আদি দেখি আঁকৰীজনীৰ ভাতৃপ্ৰেম উথলি উঠিছিল। ভাগ্যে উঠিছিল, নুঠা হ’লে ছাগৈ তাইৰ চাৰিটাকৈ পুত্ৰক দলিয়াই দিলেহেঁতেন।

 এইখিনিতে থুলমুলকৈ বিজনী ৰাজবংশৰ কথা চমুকৈ কৈ থওঁ। দেউতা এইটো বংশৰ চাকৰিয়াল হিচাপে চাকৰিত যোগ দিয়াৰ কথা কোৱা হৈছে। মহাৰাজ নৰনাৰায়ণৰ মৃত্যুৰ পিছত কোচ ৰাজ্যৰ পূব অংশত তেওঁৰ ভায়েক চিলাৰায়ৰ পুত্ৰ ৰঘুদেৱে ৰাজত্ব কৰে। অবিভক্ত গোৱালপাৰা জিলাৰ বিজনী ৰাজ এষ্টেটৰ ৰজাসকল ৰঘুদেৱৰ বংশধৰ। এষ্টেটখনৰ ৰাজধানী অভয়াপুৰীৰ পত্তন ঘটাইছিল স্বনামধন্য ৰাণী অভয়েশ্বৰীয়ে। তেওঁ আছিল ৰজা কুমুদ নাৰায়ণৰ দ্বিতীয়া পত্নী। নিঃসন্তান কুমুদ নাৰায়ণৰ মৃত্যুৰ পিছত সিংহাসনক লৈ বহু পানী ঘোলা হয়। দুয়োগৰাকী ৰাণীৰ মাজত হাই-কাজিয়া, চুলিয়া-চুলি পৰ্যন্ত হৈছিল। অৱশেষত কাজিয়া গৈ পালে কোৰ্ট-কাছাৰী। ডাঙৰগৰাকী ৰাণী সিদ্ধেশ্বৰীৰ মৃত্যু হোৱাত নিষ্কণ্টক অভয়েশ্বৰী ৰাজপাটত বহিল। বৰ্তমানে অভয়াপুৰীত থকা ৰজাবাৰী নামৰ প্ৰাসাদটো নিৰ্মাণ কৰাইছিল ৰাণী অভয়েশ্বৰীয়ে। আৰ্কিটেক্ট আহিছিল চীনদেশৰ পৰা। ৰাণীগৰাকীৰ দেৱান আছিল দেশবন্ধু চিত্তৰঞ্জন দাসৰ শহুৰেক বৰদা হালদাৰ। অভয়াপুৰীৰ বাট এটাৰ দুয়োকাষে থকা দেৱদাৰু গছবোৰ ৰোৱাইছিল বৰদা হালদাৰে। ১৯১৮ চনত অভয়েশ্বৰীৰ মৃত্যুৰ পিছত তেওঁৰ তোলনীয়া পুত্ৰ যোগেন্দ্ৰ নাৰায়ণ নামতহে ৰজা হয়, কাৰণ তেওঁ

১০/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি