পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ফালে। হঠাৎ বাগৰি পৰি গ'লোঁ বোটৰ মাজ অংশত। চিকাৰ ধৰিবলৈ এটা হাঙৰ ধীৰে ধীৰে বোটৰ চৌপাশে বিচৰণ কৰিছে।

 হাঙৰবোৰ আহে পাঁচ বজাত

 সমুদ্ৰৰ বুকুত ত্ৰিছটা ঘণ্টা অতিবাহিত কৰাৰ পাছত এই প্ৰথম কোনো এটা জীৱৰ সৈতে মোৰ এই মুখামুখি। হাঙৰৰ ফিচাই আতংক যোগায়, কিয়নো এইটো হৈছে মাৰাত্মক জীৱ। প্ৰকৃততে ফিচাৰ সমান নিৰীহ একো অংগ নাই। দেখিলে ভাব হয়, কোনো ভয়াৱহ জন্তুৰ অংগ। সেউজীয়া আৰু ৰুক্ষ গছৰ বাকলিৰ দৰে দেখিবলৈ। বোটৰ কাষেৰে পাৰ হৈ যোৱাৰ সময়ত ভাব হ'ল প্ৰাণীটোৰ সজীৱ গোন্ধ এটাও আছে।

 পাঁচ বাজিল। আবেলিৰ শান্ত সমুদ্ৰ। ধীৰে ধীৰে আৰু কেইবাটাও হাঙৰ আগুৱাই আহিছে। বোটৰ চতুৰ্দিশে পিয়াপি দিবলৈ ধৰিলে। তাৰ পাছত পোহৰ একেবাৰে শেষ হ'ল। কিন্তু স্পষ্ট উমান পাইছোঁ সিহঁত এতিয়াও ঘূৰা-পকা কৰি আছে। শান্ত পানীত ফিচাৰে খলকনি তুলিছে।

 পৰৱৰ্তী দিনসমূহত মই পাঁচ বজাৰ পাছত বোটৰ ওপৰত বহাটো বন্ধ কৰি দিছিলোঁ। পাছৰ দিনবোৰত বুজি উঠিছিলোঁ যে হাঙৰে সময় মানি চলা জন্তু। ঠিক পাঁচটাৰ পাছতে সিহঁত আহি ওলায়, আন্ধাৰ নামিলেই আঁতৰি যায়।

 আবেলি পৰিষ্কাৰ সমুদ্ৰত দেখা গ'ল এক অপূৰ্ব দৃশ্য। বোটৰ কাষলৈ আগুৱাই আহিছে অজস্ৰ ৰঙীণ মাছ। হালধীয়া, সেউজীয়া, নীলা, ৰঙা, পটি থকা, গোলাকাৰ, সৰু মাছ। ৰাতি নোহোৱালৈকে সিহঁতৰ বোটৰ কাষে কাষে সাঁতুৰি থাকিল। মাজে মাজে দেখা গ'ল সিহঁতৰ উজ্জ্বল জিলিকনি। তাৰ মাজতে দেখা গ'ল তেজৰ সোঁত। পানীত মিহলি হ’বলৈ ধৰিছে। হাঙৰৰ কামোৰত টুকুৰা-টুকুৰ হোৱা মাছৰ টুকুৰাবোৰ ভাঁহি গৈছে। দেখি মোৰ মন বিষাদময় হৈ পৰিল।

 ক্ষুধা, তৃষ্ণা আৰু অস্থিৰতাৰ মাজত সমুদ্ৰত দ্বিতীয় ৰাতি। মই যেন পৰিত্যক্ত মানুহ। তথাপি মনত আশা লৈ আছোঁ। কোনোবা আহি উদ্ধাৰ কৰিব। সেই ৰাতিয়ে সংকল্প বান্ধি ল'লোঁ – মনোবল আৰু শৰীৰত অৱশিষ্ট শক্তিৰ ওপৰতে মই জীয়াই থাকিব লাগিব।

 এটা কথাত মই অবাক হৈছোঁ— দুৰ্বল হলেও মই কিন্তু ভাগি পৰা নাই। চল্লিছটা ঘণ্টা কটাইছোঁ অনাহাৰে। দুদিন-দুই ৰাতি শোৱা নাই। দুৰ্ঘটনাৰ আগৰাতিও জাগি আছিলোঁ। তাৰ পাছতো মই ব’ঠা মাৰিবলৈ সক্ষম।

 পুনৰ আকাশলৈ দৃষ্টি দিলোঁ সপ্তৰ্ষি বিচাৰি। সেইপিনে চকু থৈ মই ব’ঠা মাৰি

৪১