পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হেৰাই যায় সমুদ্ৰত। দিনৰ পাছত দিন উৰি থাকে সিহঁত, যেতিয়ালৈ আশ্ৰয়ৰ বাবে কোনো জাহাজ বিচাৰি নাপায়। জাহাজেই সিহঁতক পাৰ দেখুৱায়। তিনি দিন ধৰি দেখা এইবোৰ সম্ভৱতঃ পথভ্ৰষ্ট চিলনী। তাৰ মানে মোৰ বোট পাৰৰ পৰা নিশ্চয় বহু দূৰলৈ আঁতৰি গৈছে।

৫৫