পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 গভীৰ আন্ধাৰত ডুব গ'লোঁ মই। ইমান আন্ধাৰ যে নিজৰ হাতৰ পতাপৰ্যন্ত দেখা পোৱা নাযায়। ভয়-আতংকত মই জঠৰ হৈ পৰিলোঁ। লাইফ বোটত ঢৌৰ খুন্দাত বুজিছিলোঁ সাগৰৰ বুকুৰে ভাঁহি গৈ আছোঁ। ধীৰে ধীৰে, বাধাহীনভাৱে। আন্ধাৰৰ মাজত ডুব গৈ ভাব হ’ল দিনৰ পোহৰত নিজকে ইমান নিসংগ অনুভৱ কৰা নাছিলোঁ। কিন্তু এই অন্ধকাৰত, লাইফ বোটত এই নিঃশব্দতা অতি ভয়ংকৰ। একো এটা দেখা নাই, কিন্তু ভাঁহি ভাঁহি আগুৱাইছোঁ। অদ্ভুত প্ৰাণীৰে ভৰা এই সমুদ্ৰ। একাকীত্ব দুৰ কৰিবলৈ ঘড়ীলৈ চালোঁ, সাত বাজিবলৈ দহ মিনিট। মিনিটবোৰ যে অনন্ত দীঘল হৈ পৰিছে। সাত বজাৰ ভিতৰত তৰাৰে আকাশ ভৰি গ'ল। মই উদ্‌ভ্ৰান্তৰ দৰে বিমানৰ কথাই চিন্তা কৰিবলৈ ধৰিলোঁ।

 ঠাণ্ডা লাগিছে। এইধৰণৰ বোটত এটা মুহূৰ্তও গাত পানী নলগাকৈ থাকিব নোৱাৰি। ওপৰত বহিলেও শৰীৰৰ অৰ্ধেক পানীৰ তলতে থাকে, কিয়নো তলভাগ খৰাহিৰ দৰে। আধা মিটাৰ পানীৰ তলত। আঠমান বজালৈ পানীৰ উষ্ণতা বতাহতকৈ বৃদ্ধি পালে। সামুদ্ৰিক প্ৰাণীৰ পৰা ৰক্ষা পাবলৈ হ'লে এতিয়া বোটৰ তলৰ ফালেই থাকিব লাগিব। তলত ৰছীৰে জাল দিয়া আছে। স্কুলতেই শিকিছিলোঁ— এনে জালেৰে নিজক কিদৰে সামুদ্ৰিক প্ৰাণীৰ পৰা বচাব লাগে। দিনৰ দুই বজাত শিক্ষকে যেতিয়া লাইফ বোটৰ এটা মডেল লৈ চল্লিছজন ছাত্ৰক এইবোৰ শিকায়, নিশা আঠ বজাত সমুদ্ৰৰ বুকুত অকলে উদ্ধাৰৰ কোনো আশা নথকাৰ সময়ত এইবোৰ কথাৰ কোনো মূল্য নাথাকে। শিক্ষকৰ মতে বোটৰ ওপৰ অংশটোৱেই সবাতোকৈ কম নিৰাপদ। তথাপি সকলো জানি-বুজিও ভাব হৈছিল— এই ঠাইখিনিয়েই সামুদ্ৰিক প্ৰাণীৰ পৰা বেছি দূৰৈত। উমান পাইছোঁ, বিশাল অজান প্ৰাণীবোৰ বোটৰ ওচৰেৰে পিয়াপি দিছে।

 সিদিনা ৰাতি অগণন তৰাৰ মাজত হেৰাই যোৱা সপ্তৰ্ষি মণ্ডলক বিচাৰি উলিওৱাতো মোৰ বাবে অসুবিধা হৈছিল। ইমানবোৰ তৰা মই কোনোদিন দেখা নাই। সপ্তৰ্ষি মণ্ডলক বিচাৰি পোৱাৰ পাছত আৰু কোনোফালে চাবলৈ ইচ্ছা নহ'ল। কিয় নাজানো, সেইফালে চাই মোৰ নিসংগতা সামান্য হলেও যেন দূৰ হৈছিল।

 কাৰটাজেনাত যেতিয়া বন্দৰত অৱসৰৰ দিনবোৰ কটাইছিলোঁ, প্ৰায়ে আমি সকলোৱে মিলিত হৈছিলোঁ মাংগা সাঁকোৰ তলত। ৰেমন হেৰোৰাই ডেনিয়েল ছাণ্টোছৰ কণ্ঠ নকল কৰি গান গাইছিল। কোনোবাই তাৰ কণ্ঠৰ সৈতে তাল মিলাই বজাইছিল গীটাৰ ৷ শিলৰ সেই সাঁকোৰ দেৱালত বহি মই দেখিছিলোঁ— সপ্তৰ্ষি ওলাইছে ছেৰো ডা লা পোপাৰ ফালে। আজি ৰাতি বোটৰ ওপৰত বহি এক মুহূৰ্তৰ বাবে যেন ভাব হল, মই মাংগা সাঁকোলৈ পুনৰ উভতি আহিছোঁ। কাষত ৰেমন হেৰোৰাই গীত জুৰিছে গীটাৰৰ মূৰ্ছনাৰ তালে তালে। সপ্তৰ্ষি যেন পৃথিৱীৰ পৰা দুশ মাইলৰ অধিক নহয়।

৩৪