পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কলম্বিয়ান নৌ বাহিনীৰ ডেষ্ট্ৰয়াৰ কালডাছ : যাত্ৰাৰ আগমুহূৰ্তত

ছেৰো ডা লা পোপাৰ মূৰৰ ওপৰত আছে। মই কল্পনা কৰিলোঁ, হয়তো কাৰটাজেনাত কোনোবাই এতিয়া চাই আছে সপ্তৰ্ষিলৈ। মই চাই আছোঁ সমুদ্ৰৰ বুকুৰ পৰা। মই যেন এতিয়া আৰু নিসংগ নহয়। সমুদ্ৰৰ প্ৰথম ৰাতিটো আছিল বৰ দীঘলীয়া, কিয়নো সিদিনা একোৱেই নঘটিল। ঘটনাহীন সেই ৰাতিৰ বৰ্ণনা দিয়াটোও মোৰ সম্ভৱ নহয়। মোৰ ভয় হৈছিল কেৱল সাগৰীয় প্ৰাণীবোৰলৈ। হাতত কেৱল ঘড়ীৰ ডায়েলখন চিকমিক কৰিছে। প্ৰতি মিনিটৰ অন্তৰে অন্তৰে মই ঘড়ীটোলৈ চাইছোঁ। ফেব্ৰুৱাৰীৰ ২৮ তাৰিখ। সমুদ্ৰত মোৰ প্ৰথম ৰাতি। প্ৰতিজ্ঞা কৰিলোঁ আৰু ঘড়ী নাচাওঁ। ঘড়ীটো জেপত ভৰাই থ'ম— যাতে সময়ৰ ওপৰত অধিক নিৰ্ভৰশীল হ’বলগীয়া নহয়। ন বাজিবলৈ কুৰি মিনিট থকালৈ মই নিজক ধৈৰ্য ধৰি ৰাখিলোঁ, তেতিয়া মোৰ ভোক-পিয়াহৰ অনুভৱ অহা নাই। মই মনটো বান্ধি ল'লোঁ— পাৰিম, নিশ্চয় পাৰিম, পিছদিনা পুৱাই বিমান আহি পাব। কিন্তু ঘড়ীটোৱে যেন মোক পাগল কৰি দিব। বৰং এইটো সাগৰৰ পানীত দলিয়াই দিয়াই ভাল হ’ব। কিন্তু হঠাৎ ভয় হ’ল— ঘড়ীটো অবিহনে মই আৰু অধিক নিসংগ হৈ পৰিম। পুনৰ মণিবন্ধনত ঘড়ীটো পিন্ধি ল'লোঁ। পুনৰ মই চাবলৈ ধৰিলোঁ ঘড়ীৰ কাঁটালৈ, প্ৰতি মিনিটৰ অন্তৰে অন্তৰে। মাজে মাজে দিগন্তলৈ দৃষ্টি দিলোঁ বিমানৰ আশাত। মই চাই ৰ'লোঁ চকু নিবিষোৱাপৰ্যন্ত।

 মাজনিশা মোৰ চিঞৰি চিঞৰি কান্দিবৰ মন গ'ল। এটা মুহূৰ্তও টোপনি মৰা নাই। টোপনিৰ ভাবো অহা নাছিল মোৰ। পুৱা যি আশাৰে বিমানলৈ অপেক্ষা কৰিছিলোঁ, সেই একেই আশাৰে এতিয়াও বাট চাই আছোঁ। জাহাজৰ পোহৰো বিচাৰিছোঁ। ঘণ্টাৰ পাছত ঘণ্টা কেৱল দৃষ্টি দিছোঁ শান্ত, গভীৰ, নিস্তব্ধ সমুদ্ৰৰ বুকুলৈ। আকাশৰ নক্ষত্ৰৰ

৩৫