পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ছয়

উদ্ধাৰকাৰী জাহাজ

আৰু নৰভক্ষীৰ দ্বীপ

 প্ৰথমে মই দিনবোৰ ঘটনাবোৰৰ ওপৰত আধাৰ কৰি হিচাপ কৰিছিলোঁ, ২৮ ফেব্ৰুৱাৰী দুৰ্ঘটনাৰ দিন। দ্বিতীয় দিনটো উৰাজাহাজবোৰৰ। তৃতীয় দিন সবাতোকৈ কঠিন, বিশেষ একোৱেই নঘটিল। বোটখন বতাহত আগুৱাইছে। থিয় হোৱাৰো মোৰ শক্তি নাই। আকাশ মেঘেৰে আৱৰা। শীতো পৰিছে। অধৈৰ্য হৈ পৰিছোঁ মই। সূৰ্যৰ দেখাদেখি নাই। যদি উদ্ধাৰকাৰী বিমান আহে, মই উমানেই নাপাম কোন দিশৰ পৰা আহিছে।

 বোটখনৰ আগো নাছিল, গুৰিও নাছিল। ঠিক চতুৰ্ভুজৰ দৰে, কোন পিনেৰে চলে বুজিব নোৱাৰি। যিহেতু দশোদিশে কেৱল পানী, পিছ পেলাই আহিবলৈ একো দিকচিহ্ন নাই। গতিকে বুজা নাযায়, আগেই বাঢ়িছোঁ নে পিছুৱাই আহি আছোঁ। এয়াও বুজা নাই, বোটখন সৰলৰৈখিকভাৱে আগবাঢ়িছে নে বক্ৰাকাৰে গতি কৰিছে। তৃতীয় দিনটোৰ পাছত সময় লৈও একেই সমস্যা হ’ল।

 দুপৰীয়া মই এটা কাম কৰিলোঁ। প্ৰথমতে এপাট ব’ঠা আঁতৰাই দিলোঁ। দ্বিতীয়তে বোটৰ ওপৰত চাবিপাটেৰে আঁচ টানি দিনবোৰ চিহ্নিত কৰিলোঁ। প্ৰথম আঁচটোৰ নাম ২৮, দ্বিতীয় আঁচৰ নাম ২৯। তাৰ পাছত ৩০। কিন্তু মোৰ ভুল হৈ গ'ল। মই ভাবিছিলোঁ এইটো ৩০ মাৰ্চৰ দিন, কিন্তু ২য় মাৰ্চহে। চতুৰ্থদিনাহে ভুলটো ধৰিব পাৰিলোঁ। সৰু ভুল, কিন্তু এই ভুলটোৱে মোক সময় সম্পৰ্কত বিভ্ৰান্তিৰ মুখলৈ ঠেলি দিলে। চতুৰ্থদিনা মোৰ আউল লাগিল— আচলতে মই সমুদ্ৰত কিমান দিন কটালোঁ। তিনি দিন? চাৰি দিন? নে পাঁচ দিন? মোৰ চিহ্ন অনুযায়ী তিনি দিন। এইটো ফেব্ৰুৱাৰী নে মাৰ্চ মোৰ একো আহে নাযায়।

 এতিয়াও পেটত খুদকণ এটাও পৰা নাই। পানীৰ টোপাল এটাও পোৱা নাই খাবলৈ। ৰ’দত গাৰ ছাল ডেই গৈছে। পানীজোলা ফুটিছে। নৌ কেন্দ্ৰৰ প্ৰশিক্ষকে

৪৪