পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মই চালোঁ। বোটৰ পৰা কমেও ত্ৰিছ কিলোমিটাৰ দূৰত বতাহ বলা দিশত লাইটৰ ঢিমিক-ঢামাক পোহৰ। জাহাজৰ পোহৰ। যি নহওক, এতিয়া দেহত কিছু শক্তি আছে আৰু কেইঘণ্টামান একেৰাহে ব’ঠা মাৰিব পাৰিম। পোহৰলৈ লক্ষ্য কৰি নিজক আত্মবিশ্বাসী কৰি তুলি ব’ঠা মাৰিবলৈ আৰম্ভ কৰি দিলোঁ। জাহাজখনো লাহে লাহে আগুৱাই আহিছে। এটা মুহূৰ্তৰ বাবে মই মাস্তুলৰ ছাঁও দেখিবলৈ পালোঁ। দেখিলোঁ পুৱাৰ প্ৰথম পোহৰত চলমান জাহাজখনৰ চলমান ছায়াময় ৰূপ।

 বতাহে মোক বাৰে বাৰে বাধা দিছে। সৰ্বশক্তিৰে মই ব’ঠা মাৰিছোঁ। চাৰি দিন অনাহাৰৰ পাছত। কিন্তু মই যেন কোনোমতে আগুৱাব পৰা নাই।

 লাহে লাহে পোহৰবোৰ দূৰলৈ আঁতৰি যাবলৈ ধৰিলে। মই ভয়ত ঘামি গ'লোঁ। ভাগি গ'ল মনোবল। বিছ মিনিট পাছত একেবাৰেই অদৃশ্য হৈ গ'ল পোহৰবোৰ। তৰাবোৰো নুমাই গ'ল। আকাশৰ গভীৰত ধূসৰ আভা, মাজসমুদ্ৰত অকলে মই। ব’ঠা দুপাট এৰি দি, শীতল বতাহৰ খোঁচৰ মাজত উন্মাদৰ দৰে মই আৰ্তনাদ কৰিবলৈ ধৰিলোঁ ৷

 এটা সময়ত সূৰ্য ওলাল। ব’ঠাত মূৰ থৈ ময়ো বিশ্ৰাম ল’লোঁ। একেবাৰে হতবাক হৈ পৰিছোঁ। উদ্ধাৰৰ হয়তো কোনো আশা নাই। মৃত্যুৰ বাবে অপেক্ষা কৰাৰ বাদে আৰু মোৰ কি আছে। ঠিক তেতিয়াই এটা ভয়ংকৰ চিন্তা মনলৈ আহিল। মই যেন শক্তি ঘূৰাই পালোঁ।

 পঞ্চমদিনা পুৱা মই বোটৰ বিপৰীত দিশে নিবলৈ চেষ্টা কৰিলোঁ। ভাব হ’ল বতাহ যি দিশেৰে বলিছে, সেই পথেৰে গ'লে মই নৰভক্ষীসকলৰদ্বীপত গৈ উপস্থিত হ’ম। মবিলত থকা সময়ত কিবা এখন আলোচনীতে পঢ়িছিলোঁ যে এখন ডুব যোৱা জাহাজৰ নাৱিকক নৰভক্ষীসকলে কিদৰে খাই পেলাইছিল। দুবছৰ আগতে মই পঢ়িছিলোঁ, 'The Rene gade Sailor' নামৰ এখন কিতাপ। যুদ্ধৰ সময়ত এখন জাহাজ মাইনত আঘাত কৰাৰ পাছত কোনোমতে সাঁতুৰি গৈ ওচৰৰ এটা দ্বীপত উঠিছিল। তাতে ২৪ ঘণ্টা বনৰীয়া ফল-মূল খাই বাচি আছিল। পাছত নৰখাদকসকলে তেওঁক বিচাৰি পালে। উতলি থকা পানীত পেলাই জীৱন্তে নাৱিকজনক সিহঁতে ৰান্ধিছিল। সেই দ্বীপৰ কাহিনী মোৰ মনৰ মাজত ৰৈ গৈছে। নৰখাদকবোৰৰ দেশৰ কথা বাদ দি মই আৰু কোনো পাৰৰ কথাই মনত পেলাব নোৱৰা হ'লোঁ। অকলে এই পঞ্চমদিনা সমুদ্ৰত মই ভয়ত শেঁতা পৰি গ'লোঁ। সমুদ্ৰকো মই ইমান ভয় কৰা নাই, যিমান কৰিছোঁ সমুদ্ৰ তীৰলৈ।

 দুপৰীয়া পোনে দুই বজাত মই তেতিয়া বোটৰ ওপৰত বিশ্ৰাম লৈ আছিলোঁ। সূৰ্যৰ

তাপত ভোক-পিয়াহত স্তিমিত হৈ পৰিছোঁ। দিন সময় ধাৰণা কৰিব পৰা শক্তি নোহোৱা

৪৬