পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চাৰি

কেৰিবিয়ানত অকলে প্ৰথমটো ৰাতি

 আবেলি ঠিক চাৰিমান বজাত ধুমুহা শাম কাটিল। সৰ্বত্ৰ পানী আৰু আকাশ—চকুত পৰিবলৈ আৰু আন একো নাই। কৰিবলৈকো নাই একো। দুঘণ্টা পাৰ হ’ল, এতিয়া বুজিছোঁ, বোটখন উটি গৈ আছে বতাহৰ সৈতে। ব’ঠাৰে ইয়াক নিয়ন্ত্ৰণ কৰাটো অসম্ভৱ। কোন দিশলৈ গৈছোঁ, ক’ত আছোঁ— একোৱেই বুজিব পৰা নাই। বোটখন পাৰলৈকে গৈছে নে মাজসাগৰলৈকে গৈছে, সেয়াও বুজিব পৰা নাই। হয়তো পাছৰটোৱেই ঘটিব ধৰিছে, কিয়নো পঞ্চাছ মাইল দূৰৰ কোনো বস্তু সমুদ্ৰৰ খুন্দাত পাৰ পোৱা সম্ভৱ নহয়। বিশেষকৈ মানুহৰ দৰে ভাৰী বস্তুসহ এখন বোট।

 পাছৰ দুঘণ্টা ডেষ্ট্ৰয়াৰৰ এই যাত্ৰাৰ সমগ্ৰ ঘটনাটো একোটা মিনিটত ভাগ কৰি সজাবলৈ ধৰিলোঁ। মই নিজকে বুজালোঁ, যদি ৰেডিঅ’ অপাৰেটৰজনে কাৰটাজেনাৰ সৈতে সম্পৰ্ক স্থাপন কৰিৰলৈ সক্ষম হৈছিল, তেন্তে নিশ্চয় দুৰ্ঘটনাৰ কথা জনাব পৰা গৈছিল, সেই হিচাপত কিছু সময় পাছতে বিমান আৰু হেলিকপ্টাৰ আহি পোৱাৰ কথা।

 দুপৰীয়া এক বজাত মই বোটৰ ওপৰত বহি দুচকুৰে দিগন্তৰ সন্ধান চলালোঁ। তিনিপাট ব’ঠা সাজু কৰি থ'লোঁ। যিপিনে বিমান দেখিবলৈ পাওঁ, সেইফালেই ব’ঠা মাৰিম। মিনিটবোৰ দীঘল আৰু উত্তেজনাপূৰ্ণ। বেলিৰ প্ৰখৰ ৰ’দে মোৰ দেহ পুৰি পেলাইছে। সাগৰৰ লুণীয়া বতাহত মোৰ ওঁঠ ছিৰাছিৰ হৈছে। কিন্তু ভোক বা তৃষ্ণা অনুভৱ কৰা নাছিলোঁ। মই কেৱল ঈশ্বৰক প্ৰাৰ্থনা কৰিছিলোঁ— এখন যেন বিমান উৰি আহে। যদি বিমানখন আহি পায়, মই বোটত থিয় হ’ম, কামিজটো উৰুৱাই সংকেত দিম— যাতে এটা মুহূৰ্তও নষ্ট নহয়, প্ৰথমৰ পৰাই সাজু হৈ থাকিব পাৰোঁ, সেয়ে খুলি থ'লোঁ কামিজৰ বুটাম। তাৰ পাছত বোটৰ একোণত বহি দিগন্তৰ চতুৰ্দিশে কেৱল নিৰীক্ষণ কৰি গ'লোঁ। নাজানো কোন দিশেৰে আহিব বিমান।

 দুই বাজিল। বতাহে গৰ্জি আছে। বতাহৰ সেই গৰ্জনৰ মাজতো লুই ৰেনগিফোৰ কণ্ঠস্বৰ শুনিবলৈ পালোঁ। ‘ফাতছোঁ, এইফালে বাই লৈ আহা।’ তাৰ স্পষ্ট কণ্ঠস্বৰ মোৰ

৩২