পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ডুবোঁ অৱস্থাৰ মাজতে সি চিঞৰিলে— ‘ফাতছোঁ, ফাতছোঁ।’

 কোনোপধ্যেই মই ব’ঠাপাট তালৈ আগুৱাই দিব পৰা নাই, চেষ্টা চলালোঁ শেষবাৰৰ বাবে— যাতে লুই ৰেনগিফোৱে খামুচি ধৰিব পাৰে। পানীৰ তলৰ পৰা হাত দুখন তুলি ধৰিছে, কিছু আগতেও এই হাত দুখনেৰে পানীৰ পৰা বচাবলৈ হেডফোনটো তুলি ধৰি আছিল। লাহে লাহে মোৰ চকুৰ সন্মুখতে সেই হাত দুখন পানীৰ তলত ডুব গ'ল। ঘটনাটো ঘটিল ব’ঠাৰ পৰা মাত্ৰ দুই মিটাৰ আঁতৰত। কিমান সময় মই তেনেদৰে জঠৰ হৈ ৰ'লোঁ ক'ব নোৱাৰোঁ। লাইফ বোটখনৰ ভাৰসাম্য বজাই ৰাখি উঠি ব’ঠাপাট থৈ পানীলৈ সন্ধানী দৃষ্টিৰে চালোঁ। কোনোবা যদি ভাঁহি উঠে। সমুদ্ৰ পৰিষ্কাৰ, কিন্তু বতাহৰ বেগ বাঢ়িছে। মোৰ গাৰ পোছাক বতাহত কঁপি কুকুৰৰ গেঙনিৰ দৰে শব্দ হৈছে। মাল-পত্ৰ সকলো ডুব গ'ল। হঠাৎ মাস্তুলটো চকুত পৰিল— তাৰ মানে ডেষ্ট্ৰয়াৰ এতিয়াও ডুব যোৱা নাই। কি যেন এক অদ্ভুত শান্ত পৰিৱেশ। ভাব হৈছিল, কিছু সময়ৰ পাছতে যেন মোক বিচাৰি আহিব উদ্ধাৰকাৰীৰ দল। অন্য সহকৰ্মীৰ কোনোবা নিশ্চয় বেলেগ লাইফ বোটত উঠিব পাৰিছে।

 বাকীসকলে উঠিব নোৱৰাৰো কোনো কাৰণ নাই। বোটবোৰত খাদ্যবস্তু জমা নাছিল, যন্ত্ৰ-পাতিৰো ব্যৱস্থা বেয়া।

 কিছু সময়ৰ পাছতে সূৰ্যৰ উপস্থিতি অনুভৱ কৰিলোঁ। ভৰ দুপৰীয়াৰ সূৰ্য তপত ধাতুৰ দৰে। মই তেতিয়াও একেবাৰে প্ৰকৃতিস্থ হ’ব পৰা নাই। ঘড়ীলৈ চালোঁ— কাঁটাত মাজ দুপৰীয়াৰ ইংগিত।

 অকলে

 ডেষ্ট্ৰয়াৰত শেষবাৰৰ বাবে লুই ৰেনগিফোৱে মোক যেতিয়া সময়ৰ কথা সুধিছিল, তেতিয়া ১১ বাজি ৩০ মিনিট। পাছত মই এবাৰ ঘড়ী চাওঁতে দেখিছিলোঁ ১১.৫০ মিনিট। তেতিয়াও দুৰ্যোগ আৰম্ভ হোৱা নাই। এতিয়া লাইফ বোটত সময় বাৰ বাজিছে। মাত্ৰ দহ মিনিটৰ ভিতৰতে সকলো তচনচ হৈ। গ'ল লাইফ বোটত উঠা সহকৰ্মীসকলক বচোৱাৰ চেষ্টা কৰা, নিৰ্বাক হৈ বোটত বহি থকা, শূন্য সমুদ্ৰত সন্ধান কৰা, বতাহৰ গৰ্জন শূন্য— দহ মিনিটৰ ঘটনাক্ৰম এয়া। হয়তো উদ্ধাৰকাৰীৰ দল আহি পাবলৈ কমেও দুই-তিনি ঘণ্টা লাগিব।

 দুই বা তিনি ঘণ্টা। ভাব হ’ল এই বিশাল সমুদ্ৰৰ নিসংগতাৰ মাজত অসম্ভৱ দীঘলীয়া সময়। কিন্তু অপেক্ষাতো কৰিবই লাগিব। পানী নাই, খাদ্য নাই। আবেলি তিনি বজাৰ পাছত নিশ্চয় পিয়াহত কণ্ঠ শুকাই যাব। সূৰ্যৰ তীক্ষ্ণ ৰ'দত মোৰ দেহ পুৰিবলৈ আৰম্ভ কৰিছে। টুপীটোও হেৰাই গ'ল। মূৰটো পানীৰে তিয়াই লৈ বোটৰ

৩০