পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এটা বাকচৰ ওপৰত উঠি উন্মাদৰ দৰে হাত জোকাৰি মাতিছে মোক।

 মাত্ৰ তিনি মিটাৰ

 সিদ্ধান্ত লোৱা কঠিন— প্ৰথমে ঠিক কোনজন সহকৰ্মীৰ ওচৰলৈ যাম। আৰজোনাৰ উচ্ছ্বল ডেকা-মবিলৰ স্ফূৰ্তিৱান ৰেমন হেৰোৰাই মাত্ৰ কিছুপৰ আগলৈকে মোৰ সৈতে ডিউটীত ব্যস্ত আছিল। সৰ্বশক্তি প্ৰয়োগ কৰি প্ৰথমে তাৰ দিশেই আগুৱাবলৈ চেষ্টা কৰিলোঁ। লাইফ বোটখনো প্ৰায় দুই মিটাৰ দীঘল। বতাহৰ তীব্ৰ সোঁতৰ বিপৰীতে নাও এখন চলাই নিয়াটো মোৰ বাবে একপ্ৰকাৰ দুঃসাধ্য হৈ পৰিছিল। কেৱল লুই ৰেনগিফো আত্মবিশ্বাসেৰে বোটৰ ওচৰলৈ সাঁতুৰি আগুৱাই আহিবলৈ ধৰিছে। মই নিশ্চিত, সি পাৰিব। মোৰ বাংকৰ তলত তাৰ টোপনি সদায়ে গভীৰ।সমুদ্ৰতকৈও আছিল কঠিন তাৰ মন।

 ইফালে হুলিঅ’ আমাডোৰৱে আপ্ৰাণ চেষ্টাৰে আগুৱাই আহিছে, এডোৱাৰ্ড কাস্তিলোক লগত লৈ। সিহঁতো মাত্ৰ তিনি মিটাৰ আঁতৰত। ঠিক কৰিলোঁ, সিহঁত আৰু অলপ কাষ চাপিলেই ব’ঠাপাট আগুৱাই দিম। ঠিক সেই মুহূৰ্ততে এই বিশাল ঢৌৱে বোটখনক আছাৰ মাৰি দিলে। সেই ঢৌৰ ওপৰত উঠি শূন্যলৈ উঠি যাওঁতেই ক্ৰমশঃ দূৰলৈ আঁতৰি যোৱা ডেষ্ট্ৰয়াৰৰ মাস্তুল দেখিবলৈ পালোঁ। পুনৰ আৰু এটা ঢৌৰ খুন্দাত নামি আহিলোঁ তললৈ। দেখিলোঁ— পানীৰ বুকুৰ পৰা অদৃশ্য হৈ গৈছে এডোৱাৰ্ড কাস্তিলোঁ আৰু হুলিঅ' আমাডোৰ। মাথোঁ দুই মিটাৰ দূৰত তেতিয়াও শান্তভাৱে মোৰ বোটৰ দিশলৈ সাঁতুৰি আছে লুই ৰেনগিফো।

 এটা কাম কিয় নকৰিলোঁ নাজানিলোঁ। আগুৱাবলৈ নোৱাৰোঁ বুলি জানিও মই ব’ঠাপাট পানীত ৰাখিলোঁ। বোটখনক লৰচৰ হ’বলৈ নিদিওঁ — যেন লংগৰ পেলাই ৰাখিম। লুই ৰেনগিফো একেবাৰে বিধ্বস্ত। সি অলপ ৰ'ল। হাতখন ওপৰত তুলি ধৰিলে, যিদৰে সি জাহাজত হেডফোনটো তুলি ধৰিছিল। চিৎকাৰ কৰি ক'লে— ‘এইফালে বাই আনা।’

 তাৰ দিশৰ পৰাই বতাহ বলিছিল। মই চিঞৰি চিঞৰি তাক ক'লোঁ যে বতাহক নেওচি আগুৱাবলৈ কষ্ট হৈছে। ভাব হ’ল, মোৰ কথাখিনি তাৰ কাণত নপৰিল। মাল বোজাই বাকচবোৰ ইতিমধ্যে অদৃশ্য হৈ পৰিছে। ঢৌৰ খুন্দাত ইফালে-সিফালে দুলিছে বোটখন। হঠাৎ লুই ৰেনগিফোৰ পৰা মই কমেও পাঁচ মিটাৰ দূৰলৈ আঁতৰি গ'লোঁ। সিও চকুৰ আঁৰ হৈ পৰিল। হঠাৎ পুনৰ অন্য এটা দিশত ভাঁহি উঠিল, কিন্তু তেতিয়াও ভীতিগ্ৰস্ত হোৱা নাই। প্ৰাণ-পণ চেষ্টাৰে ওপঙি থাকিবলৈ চেষ্টা কৰিছে। মই ব’ঠাপাট আগুৱাই দিলোঁ। দেখিলোঁ, সি ক্লান্ত হৈ পৰিছে, উশাহ লোৱাৰো শক্তি নাই। ডুবোঁ

২৯