মালতী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
Content deleted Content added
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
Added content
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
২৮ নং শাৰী: ২৮ নং শাৰী:
পাৰতে কহুঁৱাৰ ফুলে চিকেমিকাই
পাৰতে কহুঁৱাৰ ফুলে চিকেমিকাই
পানীতে ফটিকৰ জোল;
পানীতে ফটিকৰ জোল;
মালতীৰ হাঁহিতে দাঁতে চিকমিকাই
মালতীৰ হাঁহিতে দাঁতে চিকমিকাই
দেখোতেই আমোলমোল।
দেখোতেই আমোলমোল।



১২:৩৯, ১৩ জুলাই ২০২০ৰ সংস্কৰণ

পূবৰে ৰ’দতে চিকমিক কৰিছে লুইতৰ পাৰৰে বালি; আকাশত উৰিছে তেনে চিকেমিকাই বগলী জাকৰে লালী।

পাৰতে কহুঁৱাৰ ফুলে চিকেমিকাই পানীতে ফটিকৰ জোল; মালতীৰ হাঁহিতে দাঁতে চিকমিকাই দেখোতেই আমোলমোল।

লুইতৰ কুঁৱৰী নহয় ঐ মালতী নহয় তেওঁ ফুলৰে ৰাণী; আকাশী পোহৰৰ নহয় তেওঁ প্রতিমা নহয় তেওঁ বীণৰে বাণী।

পৰ্বতৰ জীয়ৰী সুন্দৰী গৌৰীৰ সাঁচত মোৰ মালতী নাই; নুশুঙা ফুলটিৰ নুফুলা কলিটিৰ মালতীৰ তুলনা পায়।

ভাৱৰে প্রতিমা ভাৱতে বাঢ়িছে ভাৱৰে বেহানি কৰে; বুকুৰে ভিতৰত চেনেহৰ সঁফুৰাত মালতীৰ চেনেহকন চৰে।

চাম মই মালতীক ওৰে জীৱন জুৰি থম মোৰ বুকুতে বান্ধি; মালতীৰ হাঁহিতে হাঁহিটি মিলাই মই থাকিম কান্দোনতে কান্দি।

চেনেহী মালতীৰ কোলাত থৈ মূৰটি মুদিম দুই চকুৰে পটা; নিঠুৰ এই জগতৰ মেলানি মাগি লম ঢুকাব সকলো কথা।