পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৯১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত

১২:৩৩, ৮ মে' ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১
পানীৰ রূপ ভেদ।

যাব পাৰে। এই বিলাকে জাহাজত খুন্দা মাৰে নতুবা জাহাজৰ ওচৰতে লুটি খাই পৰিলে পানীৰ ইমান আস্ফালন হয় যে জাহাজ সঙ্কটত পৰে এই বিলাক বস্তু লুটিয়া-লুটি নোহোৱা কৈ একে ভাৱে নাথাকে কাৰণ সূৰ্য্যৰ তাপত, আৰু তাৰ পানীৰ উষ্ণতা পাই ঠাইয়ে ঠাইয়ে দ্ৰৱ হোৱা বাবে উটা বৰফৰ সাম্য ভাৱ সঘনে নষ্ট হয় সেই নিমিত্তে বাৰম্বাৰ অতি ভয়ঙ্কৰ শব্দেৰে সাগৰ আস্ফালন কৰি লুটি লয়। নিহাৰ-বাহুৰ লগত যিরূপে মাটি আৰু শিল আহে সেই দৰে উটা বৰফৰ লগতো আহে আৰু সূৰ্য্য কিৰণে উটা বৰফক দ্ৰৱ কৰিলে ঘি বাটে যায় সেই গোটেই বাটতে অলপ অলপকৈ শিল মাটি সৰি গৈ থাকে। এই দৰেই বেফিনচ্‌বে, উত্তৰ আটলাণ্টিক ইত্যাদি সমুদ্ৰৰ ঠায়ে ঠায়ে তলীত অনেক তৰপ পৰি ডাঠ হৈ বোকা অ রু শিল গোট খাইছে। ইংলণ্ডৰ মাজ টাঙ্গনি (বা কাউণ্টি) বিলাকত আয়ৰ্লণ্ডৰ পূৰ্বভাগত, আৰু রুশিয়া আৰু উত্তৰ জৰ্ম্মানি সমস্থল বিলাকত ওপৰতে ডোখৰা ডোখৰ শিলেৰে মিহলি হৈ ভালে মান ডাঠ এতৰপ মাটি আছে এই শিলক বল্ডাৰ শিল বা শিল গুটি কয় আৰু মাটিক বল্ডাৰ মাটি কয়। ভূতত্ত্ববেত্তা সকলে ইয়াৰ একো তত্ত্ব ধৰিব নোৱাৰিছিল। তাতে আকৌ এই বিলাক শিল ওচৰৰ কোনো পৰ্ব্বতৰ শিলৰ সৈতে নিমিলে এই নিমিত্তে অধিক শঙ্কাৰ স্থল হৈছিল। বৰং সেই বিলাক ইংলণ্ড দেশৰ কম্বৰ লেণ্ড বিভাগৰ পৰ্ব্বত বিলাকত পোৱা আৰু স্কটলেণ্ডৰ হাইলেণ্ডৰ পৰ্ব্বতত পোৱা শিলৰ সদৃশ আরু তাৰ পৰাই এই অহা যেন অনুমান হয়; জৰ্ম্মানি আরু রুশিয়াৰ শিলবিলাক তাতকৈ দূৰ স্কেণ্ডেনেভীয়াৰ পৰ্ব্বতৰ পৰা অহা যেন লাগে। কিন্তু একো ডথৰ ইমান ডাঙ্গৰ যে সাধাৰণ শক্তিৰে কঢ়িওৱা নাছিল। অন্তত এই বিলাক পৰ্ব্বতৰ গাত বহুত নামলকে ঘৃষ্ট প্ৰস্তৰ, পথালি কঙ্কৰ ইত্যাদি প্ৰাচীন কালৰ নিহাৰ-বাহুৰ চিন পোৱা হল। তেতিয়াৰে পৰা সকলো