অ’ মোৰ আপোনাৰ দেশ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
Content deleted Content added
auto summary: New page created (no summary given)
(কোনো পাৰ্থক্য নাই)

১১:১২, ২৮ ডিচেম্বৰ ২০১২ৰ সংস্কৰণ

অ’ মোৰ আপোনাৰ দেশ
অ’ মোৰ চিকুণী দেশ
এনেখন সুৱলা, এনেখন সুফলা
এনেখন মৰমৰ দেশ ।

অ’ মোৰ সুৰীয়া মাত
অসমৰ সুৱদি মাত
পৃথিৱীৰ ক'তো বিচাৰি জনমটো
নোপোৱা কৰিলেও পাত ।

অ’ মোৰ ওপজা ঠাই
অ’ মোৰ অসমী আই
চাই লওঁ এবাৰ মুখনি তোমাৰ
হেঁপাহ মোৰ পলোৱা নাই ।