ধূলি-কণা মই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
Content deleted Content added
"{{header | title =ধূলি-কণা ম‍ই | author = চন্দ্ৰধৰ বৰুৱা | translator = ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
৫৬ নং শাৰী: ৫৬ নং শাৰী:
কেনিও অকণো হানি নাই।
কেনিও অকণো হানি নাই।

[[শ্ৰেণী:কবিতা]]

১৪:১২, ২৩ মাৰ্চ ২০১৩ৰ সংস্কৰণ

যিদিনা মৰিম মই, সেইদিনা বাৰু

জগতৰ কেনি হানি হ'ব?

মৰিলো নে আছো, মই, এই কথাকেনো

পৃথিৱীৰ কিমানে জানিব?

মই মৰিলেও দিন গলে ৰাতি হ'ব,

জোন বেলি ওলায়ে থাকিব;

গছত ফুলিব ফুল, বতাহ বলিব,

নিজ বাটে নক্ষত্ৰ ঘূৰিব।

আজিৰ দৰেই নিতে জগত চলিব,

নাই তাত অকণো সংশয়;

এই বিশ্ব-সংসাৰৰ কোনো নিয়মৰে

লৰ-চৰ অলপো নহয়।

মই নোহোৱাৰ বাবে এই জগতৰ

কোনো পৰি নাথাকিব,

কামত বিভোৰ এই বিশাল বিশ্বই

মই মৰা গমকে নেপাব।

অনন্ত বিশ্বৰ অসংখ্য ধূলিৰ

এটি মাত্ৰ ধূলি-কণা মই ;

মোৰ অবিহনে এই বিপুল সৃষ্টিৰ

কেনিও অকণো হানি নাই।