ধূলি-কণা মই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
অ added Category:কবিতা using HotCat |
Bishnu Saikia (আলোচনা | বৰঙণি) No edit summary টেগ্: ২০১৭ উৎস সম্পাদনা |
||
১ নং শাৰী: | ১ নং শাৰী: | ||
{{No source}} |
|||
{{header |
{{header |
||
| title =ধূলি-কণা মই |
| title =ধূলি-কণা মই |
২০:২৩, ৩ জুলাই ২০১৯ৰ সংস্কৰণ
এই পাঠ্যৰ উৎস গ্ৰন্থ বা নথি অজ্ঞাত। প্ৰামাণ্যতাৰ সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি এই পাঠ্যৰ আলোচনা পৃষ্ঠা চাওক। "উৎস"ৰ অৰ্থ এই কামৰ প্ৰতিলিপি আনে বিচাৰি পাব পৰা স্থান। সাধাৰণতে ই ৱিকিমিডিয়া কমন্সত আপল'ড কৰা আৰু মুদ্ৰণ সংশোধন কৰিব পৰা মূল কামৰ স্কেন ফাইল। যদি নাই, তেন্তে এটা URL হ'লেও দিয়া উচিত; একো নাথাকিলে অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাত কাৰণ উল্লেখ কৰিব। |
যিদিনা মৰিম মই, সেইদিনা বাৰু
জগতৰ কেনি হানি হ'ব?
মৰিলো নে আছো, মই, এই কথাকেনো
পৃথিৱীৰ কিমানে জানিব?
মই মৰিলেও দিন গলে ৰাতি হ'ব,
জোন বেলি ওলায়ে থাকিব;
গছত ফুলিব ফুল, বতাহ বলিব,
নিজ বাটে নক্ষত্ৰ ঘূৰিব।
আজিৰ দৰেই নিতে জগত চলিব,
নাই তাত অকণো সংশয়;
এই বিশ্ব-সংসাৰৰ কোনো নিয়মৰে
লৰ-চৰ অলপো নহয়।
মই নোহোৱাৰ বাবে এই জগতৰ
কোনো পৰি নাথাকিব,
কামত বিভোৰ এই বিশাল বিশ্বই
মই মৰা গমকে নেপাব।
অনন্ত বিশ্বৰ অসংখ্য ধূলিৰ
এটি মাত্ৰ ধূলি-কণা মই ;
মোৰ অবিহনে এই বিপুল সৃষ্টিৰ
কেনিও অকণো হানি নাই।