ভৱানীপুৰীয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
Content deleted Content added
No edit summary
১০০ নং শাৰী: ১০০ নং শাৰী:
অনুদিনে প্ৰণামো সদায়॥
অনুদিনে প্ৰণামো সদায়॥
</poem>
</poem>

[[শ্ৰেণী:কবিতা]]

১৯:৫৭, ৩১ জানুৱাৰী ২০১৩ৰ সংস্কৰণ



গীত৷৷

ৰাগ শ্ৰীগান্ধাৰ ৷৷যতি

আহে শুন মধুকৰ হে
বুজলো তোহাৰ অভিপ্ৰায় ৷

হামাৰি পাশক দূত কৰি তোক ষটপদ ৰে
জানলোহো পঠাইলা মধাই ৷৷

পদ ৷৷
তোহাৰি কানুৰ সঙ্গে পিৰীতি নকৰো হামু ৰে
কপটী তাহেৰ সম নাই ৷
তই যেন মধুকৰ পৰম দাৰুণ চিত্ত ৰে
পুষ্প চুম্পি নাস ৰে দুনাই ৷৷

সতিনীৰ কচুৰ কুঙ্কুম ছোৰত তোৰ হে
পৰশিৰি নাহি মোৰ পাই ৷
গোপীনীক প্ৰেম- ভকতি-ৰসে আকুল
দীন গোপাল গুণ গাই ৷৷

ঘোষা

মাধৱ মাধৱ প্ৰাণ       মাধৱ মাধৱ আত্মা

মাধৱ মাধৱ গুৰু ইষ্ট ৷

মাধৱ মাধৱ নাম সুমৰণে সুমঙ্গল

মাধৱেসে ইষ্ট দেৱ নিষ্ট ৷

নমো শঙ্কৰদেৱ মাধৱ সহিতে দুইকো

মোৰ ইষ্টদেৱ দুইজন ৷

মাধৱৰ শিক্ষা ধৰি শুদ্ধভাৱে ভজা হৰি

বন্দো হেন ভক্তৰ চৰণ ৷৷

হে প্ৰভু ভগৱন্ত পূৰ্ণব্ৰহ্ম পৰমাত্মা

শ্ৰীকৃষ্ণ দেৱ যদুপতি ৷

মাধৱ বান্ধৱ হে চৰণে শৰণ লৈলো

তুমি মোৰ অগতিৰ গতি ৷৷

ধীৰসৱে নাৰায়ণ- ময় মাত্ৰ জগতক

দেখে আক জানা সাৰে সাৰ ৷

লুদ্ধকে দেখয় ধন কামুকসৱৰ মনে

দেখে সদা কামিনী-আকাৰ ৷৷

শুনিযো অবিদ্যা মাৱ তেজা মোৰ স্নেহ ভাৱ

বিদ্যা তুমি আপেক্ষিয়ো মোৰে ৷

কৃষ্ণ-পদ-নখ-চন্দ্ৰ যাৱত অমৃত-পান

কৰোঁ আমি নয়ন-চকোৰে ৷৷

সৰ্ব্ব-দেৱ-শিৰোমণি কৃষ্ণক সততে ভজা

যাত পৰে আন নাহি কেৱ ৷

আপোনাৰ নিজ ৰূপ স্মৰণ মাত্ৰকে দেন্ত

কিনো কৃপাময় প্ৰভুদেৱ ৷৷

যাৰ পদ-ৰেণু শিৰে ধৰি নিৰন্তৰে নৰে

ভৱ তৰি পৰম্পদ পাই ৷

হেনয় জগত-গুৰু তোমাৰ চৰণ দুই

অনুদিনে প্ৰণামো সদায়॥