পৃষ্ঠা:টেটোন তামুলী.pdf/২৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
পৃষ্ঠাৰ স্থিতি | পৃষ্ঠাৰ স্থিতি | ||
- | + | বৈধকৃত | |
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
ছিঙ্গিবলৈ হাত মেলে।) |
ছিঙ্গিবলৈ হাত মেলে।) |
||
পোহাৰী।— (হাত-মুখ জোকাৰি উঠি) এ-হে! বাৰুটি ঐ! বোলে, |
|||
ক’ৰপৰা আহিলি ক’ত দিলি ভৰি, চোঁতালখন ফাটি গ’ল |
ক’ৰপৰা আহিলি ক’ত দিলি ভৰি, চোঁতালখন ফাটি গ’ল |
||
চাঁট্-চাঁট্ কৰি। কিনক নিকিনক ইয়াক এচোন এনেই |
চাঁট্-চাঁট্ কৰি। কিনক নিকিনক ইয়াক এচোন এনেই |
||
কল খুৱাই লওঁ। নেদেখিছাঁ। গুচ্ গুচ্ ইয়াৰপৰা ভালে |
কল খুৱাই লওঁ। নেদেখিছাঁ। গুচ্ গুচ্ ইয়াৰপৰা ভালে |
||
ভালে। মনত বিষাদ লাগি আছে। এতিয়ালৈকে পইচা এটাও |
ভালে। মনত বিষাদ লাগি আছে। এতিয়ালৈকে পইচা এটাও |
||
বহনি |
বহনি হোৱা নাই। |
||
টেটোন।— এ, বাইটি, কেটেৰা-জেঙেৰা নো মাৰাঁ কিয় আকৌ? মোলৈ |
|||
দেখোন তোমাৰ বৰ মৰম! বাইটি! পাক এটাকে দি দেখুৱাওঁ |
|||
দেই, কল এটা দিবাঁ।⸺ (নাম গাই গাই নাচে।) |
দেই, কল এটা দিবাঁ।⸺ (নাম গাই গাই নাচে।) |
||
<center>খেম্টা</center> |
<center>খেম্টা</center> |
||
{{Block center|<poem>বৰ ভাল পাওঁ |
{{Block center|<poem>বৰ ভাল পাওঁ তোমাক মই, |
||
বৰ ভাল শুনোঁ |
বৰ ভাল শুনোঁ তোমাৰ ‘হঁই’। |
||
{{gap}}{{gap}}{{gap}}হাটে-বাটে শুনি আৰু |
{{gap}}{{gap}}{{gap}}হাটে-বাটে শুনি আৰু |
||
{{gap}}{{gap}}{{gap}}তোমাৰেহে হয়-বয়, |
{{gap}}{{gap}}{{gap}}তোমাৰেহে হয়-বয়, |
||
{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}বৰ ভাল পাওঁ |
{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}বৰ ভাল পাওঁ মই।।</poem>}} |
||
শুনিলাঁ? দিয়া কল এটি এতিয়া বাইটি। |
{{gap}}শুনিলাঁ? দিয়া কল এটি এতিয়া বাইটি। |
||
পোহাৰী।— (মুখ বিদৰাই) কেনেসন কৰে এই ভেচেলীমুৱাটোৱে! গুচ্ |
|||
এতিয়া ভালে ভালে, নহলে দিম বুঢ়ীমাৰে ভালদৰে। মন-চন |
এতিয়া ভালে ভালে, নহলে দিম বুঢ়ীমাৰে ভালদৰে। মন-চন |
||
বেয়া লাগি আছে। |
বেয়া লাগি আছে। |
||
টেটোন।— বাৰু, ভাল দৰে দিব খুইছা যদি চাইটাও দিয়াঁ। দিলে, আমি |
|||
দহোটাও বলে পৰা হব। |
দহোটাও বলে পৰা হব। |
১৫:০৯, ১ মে' ২০১৯ অনুযায়ী বৰ্তমান সংস্কৰণ
টেটোন।— (পোহাৰীৰ কাষ চাপি) ইয়ে। আমাৰ জাপৰী বাইটী দেখোন। সঁচা, বাইটি, তুমি মোৰ দুখ নপতিয়ালে কোন পতিয়াব? বাইটি! কলবোৰ বাৰু নে? দিয়াঁচোন এটা খাই চাওঁ। (কল ছিঙ্গিবলৈ হাত মেলে।)
পোহাৰী।— (হাত-মুখ জোকাৰি উঠি) এ-হে! বাৰুটি ঐ! বোলে, ক’ৰপৰা আহিলি ক’ত দিলি ভৰি, চোঁতালখন ফাটি গ’ল চাঁট্-চাঁট্ কৰি। কিনক নিকিনক ইয়াক এচোন এনেই কল খুৱাই লওঁ। নেদেখিছাঁ। গুচ্ গুচ্ ইয়াৰপৰা ভালে ভালে। মনত বিষাদ লাগি আছে। এতিয়ালৈকে পইচা এটাও বহনি হোৱা নাই।
টেটোন।— এ, বাইটি, কেটেৰা-জেঙেৰা নো মাৰাঁ কিয় আকৌ? মোলৈ দেখোন তোমাৰ বৰ মৰম! বাইটি! পাক এটাকে দি দেখুৱাওঁ দেই, কল এটা দিবাঁ।⸺ (নাম গাই গাই নাচে।)
বৰ ভাল পাওঁ তোমাক মই,
বৰ ভাল শুনোঁ তোমাৰ ‘হঁই’।
হাটে-বাটে শুনি আৰু
তোমাৰেহে হয়-বয়,
বৰ ভাল পাওঁ মই।।
শুনিলাঁ? দিয়া কল এটি এতিয়া বাইটি।
পোহাৰী।— (মুখ বিদৰাই) কেনেসন কৰে এই ভেচেলীমুৱাটোৱে! গুচ্ এতিয়া ভালে ভালে, নহলে দিম বুঢ়ীমাৰে ভালদৰে। মন-চন বেয়া লাগি আছে।
টেটোন।— বাৰু, ভাল দৰে দিব খুইছা যদি চাইটাও দিয়াঁ। দিলে, আমি দহোটাও বলে পৰা হব।