পৃষ্ঠা:টেটোন তামুলী.pdf/২৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
JyotiPN (আলোচনা | বৰঙণি)
No edit summary
JyotiPN (আলোচনা | বৰঙণি)
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত

২৩:২৫, ২৬ এপ্ৰিল ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

হালােৱা — মােক এফেৰি উপকাৰ কৰক দেউতা হে। ঈশ্বৰে হে মিলাইছে আপােনালােকক ইখিনি পৰত।

টেটোন — ভাল, আমি সাজু আছোঁ। পৰৰ উপকাৰ কৰাটি আমাৰ পিতৃধর্ম। বাৰু, বাটতে ধৰম ফেৰি আৰ্জি লওঁ। কি কৰিব লাগে কোৱাঁ মাখােন।

হালোৱা — হে, দেউতা হে, লৰ মাৰি গৈ সৌ বাঘৰ বুকলৈ যােৱা গৰুটো মাৰ এটা মাৰি ৰাখি দিয়াঁগৈ দেও হে। আৰু, ইগৰাকীয়ে ইটোলৈ, খেদা এটা মাৰাঁ দেউতা হে।

গৃহস্থ — অঃ, সেইটো হব নােৱাৰে। মই এইটো চোৰ ধৰি ৰজাৰ আগলৈ আনিছোঁ । ইয়াক মই এৰি দিব নােৱাৰোঁ ; ই মােৰ হাতত বন্দী।

টেটোন।-এ, মই বন্দী হে, তুমি যে আকৌ মােৰ লেজুত ধৰা বন্দীৰো বন্দী। বাৰু, তুমি এৰিব নােৱাৰা থাকাঁ। তােমাৰ তো ধৰমলৈ মতি নাই। আৰু, মােৰ পেটজনাক পুজা নিদি তুমি ঘৰতে পাপ লগাই আহিছাই। মােৰ হলে পাপলৈ বৰ ভয় দেও। চাওঁ, এৰাঁ, লৰ মাৰি ধৰম ফেৰা আর্জি আহোঁ। (গৃহস্থৰ হাতৰপৰ আজোৰ মাৰি এৰাই আগ বাঢ়ে)।

গৃহস্থ — (অবাক্ হৈ ভােৰভােৰাই) উঃ কটা, চোৰৰ ধৰমলৈ মতি ! মই হে অকল ধনতে মজিছোঁ ! বাৰু, ইয়াক যাবলৈ দিওঁ। তাৰ পুণ্যৰ এভাগ কিজানি ময়ো পাম । কিয়নাে, মই এৰি দিলে হে সি যাবলৈ পাব। (ফুটাই) বাৰু যা, নপলাবি আকৌ।

টেটোন — বাৰু, সেইটিলৈ ভয় কৰিব নেলাগে। অমুকাই পলৰীয়া নাম নলয়। চাই থাকাঁ, এটা লৰত পুণ্য আর্জিমগৈ ; আৰু উলটি ইটো লৰত পৰৰ গাত পাপ থমহি।

হালােৱা — এৰা, যােৱাঁ দেউতা হে, বেগাই যােৱাঁ। গুণ নহয় তেও ধৰম

হব। পাকতে মই ইটো আগচি আনােগৈ।