পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
No edit summary
Pywikibot touch edit
 
(কোনো পাৰ্থক্য নাই)

২৩:৫৯, ৪ জুলাই ২০১৮ অনুযায়ী বৰ্তমান সংস্কৰণ

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

Accommodate কৰিব পাৰিব, চিন্তা নাই। আৰু যদিহে শ্ৰীমন্ত শঙ্কৰদেৱৰ কৃপাত নাম লৈ তাৰ ভকতসকলেৰে এইটো ব্ৰহ্মাণ্ডৰ বৈকুণ্ঠখন ভৰি যায়, তেন্তে তাঁৰ নথকা টেলিগ্ৰাফৰ সহায়ত আন এটা ব্ৰহ্মাণ্ডৰ বৈকুণ্ঠ এখনত 'আতৈসকল'লৈ ঠাই উলিয়াব পৰাটো অসম্ভৱ বুলিনো ধৰোঁ কেনেকৈ? এই বাবে আমাৰ ভকতসকলক কওঁ ̶ 'আতৈসকল! তোমৰাসকলে গল মেলি হৰিনাম লোক, শঙ্কা নকৰিব।' ̶

নাম লোৱা বাপুসকল নকৰিবা হেলা।
নামেসে ৰাখিব ঘোৰ সঙ্কটৰ বেলা।

শ্ৰীমন্ত শঙ্কৰ        হৰিভকতৰ
জানা যেন কল্পতৰু।

আপোনাসকলৰ সহায় আছে, আপোনাসকলে নাম লওক।