পৃষ্ঠা:সাৰথি (Sarothi).pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০
সাৰথি

অনেকেই পাতলামিৰ চিন বুলি বিবেচনা কৰে। ইও এটা কুসংস্কাৰ মাথোন, এনে বিশ্বাস সোনকালে মনৰ পৰা আঁতৰোৱা উচিত।

 ঘোঁৰাত উঠা এক ৰকম ব্যায়াম। ঘোঁৰা দৌৰালে সমস্ত শৰীৰ সঞ্চালিত হয়, আৰু তেজ তপত হৈ বেগাই চলিবলৈ ধৰে। যি মানুহে ব্যায়াম নকৰে সি ঘোঁৰা দৌৰাইও তাৰ ফল পাব পাৰে। ৰীতি মতে সদায় ফুৰিলেও একৰকম ব্যায়াম কৰা হয় কাৰণ তাৰ পৰা শৰীৰ সবল হয় আৰু খোৱা বস্তু জীণ যায়। সাঁতোৰা এবিধ ব্যায়াম, সাঁতুৰিলে হাত, ভৰি আৰু কঁকাল পৰিচালিত হয়।


অন্ত