পৃষ্ঠা:সাৰথি (Sarothi).pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
সাৰথি

ব্যায়াম এটা স্বভাৱৰ ব্যৱস্থা; পশু-পক্ষীৰ ভিতৰতো ইয়াৰ প্ৰচলন আছে। সিহঁতে কেতিয়াবা অবাবতে জপিয়াই ডেও পাৰি ফুৰে। এইদৰে জপিয়াই ফুৰাটো এক ৰকম ব্যায়াম,তাকে কৰি সিহঁতে ব্যায়ামৰ ফল পায়। ঘৰচীয়া পশুতকৈ বনৰীয়া পশুৰ ভিতৰত ব্যায়াম প্ৰচলন বেছি, সেইদেখি বনৰীয়াবোৰ ঘৰচীয়াবোৰতকৈ বেছি শকত আৰু বলৱাল। সিহঁতৰ ভিতৰত ৰোগ ব্যাধিও কম দেখা যায়।

 ব্যয়ামৰ আচৰিত গুণ, ইয়াৰ পৰা মানুহে অদ্ভুদ ক্ষমতা লাভ কৰে। ব্যায়ামৰ প্ৰখ্যাত ওজা চেণ্ডো চাহাব পূৰ্ব্বতে নিচেই নিশকতীয়া মানুহ আছিল, পাচে ব্যায়াম অভ্যাস কৰি এতিয়া এজন বিৰিঙ্গ পুৰুষ হৈছে। তেওঁ পৃথিৱীৰ বহুত ঠাইত মনুষ্যদুৰ্লভ প্ৰতাপ দেখুৱাই অক্ষয় খ্যাতি লাভ কৰিছে। তেওঁৰ বলৰ কথা শুনিলে বিস্ময় মানিব লাগে। বলী প্ৰধান সিংহকো তেওঁ মল্ল যুদ্ধত পৰাজয় কৰি নৰসিংহ নাম পাইছে। এই খ্যাতিমন্ত চেণ্ডোৱে ব্যায়াম সম্বন্ধে যিবিলাক উপদেশ দিছে তাৰে প্ৰধান দুই চাৰিটাৰ বিষয়ে ইয়াত আলোচনা কৰা হ'ল।

 বহুত মানুহৰ বিশ্বাস আছে যে ব্যায়াম কেৱল ডেকা মানুহৰ হে যোগ্য, কিন্তু চেণ্ডোৱে তেনে কথা নকয়। তেওঁৰ মতে ল'ৰা, বুঢ়া, ডেকাসকলোৱে ব্যায়াম কৰিব পাৰে,আৰু কৰিলে সকলোৱে সমানে ফল পায়, কিন্তু শিকাৰুৰ বয়স অনুহৰি ব্যায়ামৰ প্ৰণালী বেলেগ বেলেগ হয়। সেইবিলাক প্ৰণালী ব্যায়াম শিকিব খোজা মানুহে তেওঁ লিখা কিতাপ পঢ়ি শিকিব পাৰে।

 চেণ্ডোৰ বিবেচনাত শৰীৰৰ অঙ্গবোৰ চলালেই, অৰ্থাৎ হাত, ভৰি, কঁকাল, আঙুলি আদি সঞ্চালন কৰিলেই ব্যায়াম কৰা নহয়, ব্যায়ামত মনৰো বিশেষ কাৰ্য্য আছে। ব্যায়াম কৰিবৰ সময়ত শৰীৰটোৰ বিষয়ে তদ্‌গত মনে চিন্তা কৰিব লাগে। চিন্তাশূণ্য ব্যায়ামে উপকাৰ নকৰে। ব্যায়ম শিকাৰুবিলাকে আৰু এটা কথা মনত ৰাখিব লাগে যে মানুহৰ অঙ্গবোৰৰ ভিতৰত দুটা এটা অঙ্গহে দুৰ্বল থাকে, কোনো মানুহৰ বাহু দুৰ্বল, কোনো মানুহৰ কৰঙ্গন দুৰ্বল, কোনো মানুহৰ কলিজা দুৰ্বল, কোনো মানুহৰ হাঁওফাঁও দুৰ্বল, কোনো মানুহৰ কঁকাল দুৰ্বল। ব্যায়ামৰ সময়ত যাৰ যি অঙ্গ দুৰ্বল তাৰ ওপৰত মন থাপি আৰু ভিৰ