পৃষ্ঠা:সাৰথি (Sarothi).pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭
সাৰথি

নালাগে। দাঁত,চুলি, নখ আদি ঠাইবোৰত নিতৌ মলি বন্ধ খাই, গতিকে নিতৌ সিহঁতক পৰিস্কাৰ কৰা উচিত।

 স্বাস্থ্যৰ পক্ষে শৰীৰৰ শুদ্ধতা যেনে লাগতিয়াল, বস্ত্ৰৰ শুদ্ধতাও তেনে লাগতিয়াল।সদায় মলিয়ন কাপোৰ ব্যৱহাৰ কৰিলে স্বাস্থ্য বেয়া হয়। বহুতে নিকা কাপোৰক কেৱল ধুনৰ বস্তু বুলি বিবেচনা কৰে, সেই দেখি তলত মলিয়ন কাপোৰ পিন্ধি ধুন বঢ়াবলৈ ওপৰত নিকা কাপোৰ লয়। বস্ত্ৰ ব্যৱহাৰৰ ই এটা বিপৰীত ব্যৱস্থা। নিকা আৰু মলিয়ন দুয়ো ৰকম কাপোৰ পিন্ধাৰ প্ৰয়োজন হ'লে, তলত নিকা আৰু ওপৰত মলিয়ন পিন্ধাহে যুগুত, কাৰণ তেনেহলে কাপোৰৰ মলিয়ে গা ঢুকি নাপায়। এসাজ কাপোৰকে কেও পৰত ব্যৱহাৰ নকৰিলে ভাল। নিশা যি কাপোৰেৰে শোৱা যায়, দিনত তাক তিয়াই দিয়া উচিত। শোৱা পাটীৰ তলচা, তলতপৰা, গাৰুৰ গিলিপ, নিহালীৰ গিলিপ সকলোকে পৰিস্কাৰকৈ ৰাখিব লাগে, আৰু মাজে সময়ে ৰদাব লাগে।

----------------

ব্যায়াম


 বল আৰু স্বাস্থ্য একে বস্তু নহ'লেও, সিহঁতে যে দুয়োকে দুয়ো সহায় কৰে তাৰ অকনো সন্দেহ নাই। স্বাস্থ্য নহ'লে বল সঞ্চয় কৰা টান আৰু বল নহ'লে স্বাস্থ্য ৰক্ষা কৰা টান। বলৱন্ত মানুহৰ স্বাস্থ্যও বলৱন্ত হয়, অৰ্থাৎ অনুৰূপীয়া অনিয়ম অকথাই বলৱন্ত মানুহৰ স্বাস্থ্যক দোঁৱাব নোৱাৰে। কিন্তু নিৰ্ব্বলী মানুহৰ স্বাস্থ্য আলসুৱা নিয়মৰ অলপ ইফাল সিফাল হ'লেই সি দোঁ খায়। এতেকে স্বাস্থ্য অটুট ৰাখিবলৈ বল লাগে।

 বল বঢ়ালে বাঢ়ে, ব্যায়াম অভ্যাস কৰি তাক বঢ়াব পাৰি। ব্যায়ামৰ গুণত বহুত মানুহক অদ্ভুত বল লাভ কৰা দেখা যায়। ব্যায়ামৰ পৰা নিছলা শৰীৰ শকত, লাহী কলিজা ডাঙ্গৰ হয়, আৰু তেজৰ বেগ খৰ হৈ উঠে।