পৃষ্ঠা:সাৰথি (Sarothi).pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
সাৰথি

শুদ্ধাচাৰৰ অশেষ মহিমা বৰ্ণন কৰি গৈছে। শাস্ত্ৰ মতে অশুচি গাৰে শয়ন, ভোজন আদি কোনো কৰ্ম্মকেই কৰিব নাপায়, অশুচি গাৰে দেৱকাৰ্য্য, পিতৃকাৰ্য্য সকলো নিষেধ। এইবোৰ বিধি ব্যৱস্থা কেৱল স্বাস্থ্য ভালে ৰাখিবলৈহে কৰা হৈছে।

 মলিয়ন হ'লে শৰীৰ অশুচি হয়। সেই অশুচি শৰীৰ শুচি কৰিবলৈ শাস্ত্ৰকাৰসকলে স্নানৰ বিধান কৰিছে, কাৰণ স্নান কৰিলে মলি গুচি শৰীৰ শুচি হয়। কিন্তু আগৰ কালত শুচি হোৱাৰ যি অৰ্থ আছিল, এতিয়া সেই অৰ্থ নাই। আজিকালি টাটৰি বন্ধ খাই গা ফপৰীয়া হ'লেও বা দাঁতত ওখল পৰি গোন্ধ ওলালেও মানুহ অশুচি নহয়, অৰ্থাৎ এতিয়াৰ মতে মলিয়ে মানুহক অশুচি কৰিব নোৱাৰে। এতিয়া বাহী ঢাৰী পাটি ছুলে বা আলিবাটত ওলাই ফুৰিলে, বা অজাতিৰ ছাঁ গচকিলে মানুহ অশুচি হয় আৰু তেতিয়া গা ধুই শুচি হ'ব লাগে। শুচি হোৱাৰ অৰ্থ এইদৰে পৰিবৰ্ত্তন হোৱাত, স্নানৰ অৰ্থও আজিকালি পৰিবৰ্ত্তন হৈছে। আজিকালি গা তিয়ালেই স্নান কৰা হয়, তাক ঘঁহি পিহি নিকা কৰা কামটো স্নানৰ লগৰীয়া নহয়। সেই দেখি তিনি প্ৰসঙ্গে স্নান কৰা কোনো কোনো মহা শুদ্ধাচাৰী মানুহৰ গাতো খমলা খমল মলি দেখিবলৈ পোৱা যায়। যথাৰ্থ পক্ষত মল ধুই নিকা নকৰিলে শৰীৰ শুচি হোৱা বুলি ধৰিব নোৱাৰি। শাস্ত্ৰকাৰবিলাকেও মলিয়ন শৰীৰক শুচি বুলি ধৰা নাছিল। অশুচি হ'লে সিবিলাকে স্নানৰ বিধান কৰিছে। ইয়াৰ পৰা ভালকৈ বুজিব পাৰি যে অশুচি শৰীৰ ধুই মলি গুচাই শুচি হ'ব লাগে। মলি গুচাবৰ নিমিত্তেহে স্নানৰ ব্যৱস্থা। এই ব্যৱস্থা অমাত পশু পক্ষীৰ ভিতৰতো দেখা যায়। হাতী, মহ, শালিকী, কাউৰী এইবোৰেও গা ধুৱে। ইহঁতে কেৱল গা তিয়াই শুচি হ'বলৈ পানীত জোবোৰা নামাৰে, মলি গুচাই নিকা হ'বলৈহে বুৰিয়াই বুৰিয়াই গা ধোৱে। শালিকী কাউৰীয়ে ঠোঁটেৰে পাখি পৰিস্কাৰ কৰা সদায় দেখা যায়। এতেকে গা ধুবৰ সময়ত সকলোবোৰ অঙ্গ ঘঁহি নিকা কৰিব লাগে। গাৰ সন্ধিবোৰ মলিন ভঁৰাল, সেইবোৰ সততে ঘঁহিব লাগে, তেহে তাত মলি বন্ধ খাব নোৱাৰে। কাণৰ কণামাকৰি, নাকৰ খাকৰু কেতিয়াও থাকিবলৈ দিব