পৃষ্ঠা:সাৰথি (Sarothi).pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
সাৰথি

পি-খোৱা পানী সততে নিৰ্ম্মল হোৱা উচিত। ৰান্ধনৰ পানীও নিৰ্ম্মল হ'লে ভাল, কিন্তু যত নিৰ্ম্মল পানী পাবলৈ টান, তাত দূষিত পানীৰেও ৰান্ধন চলাব পাৰি, কাৰণ ৰান্ধনৰ পানী উতলোৱা যায়, সেইদেখি তাত যি দোষ থাকে সি অগ্নিৰ সংযোগত নষ্ট হয়। কিন্তু গা-ধোৱাত বা পি-খোৱাত বেয়া পানী কেতিয়াও ব্যৱহাৰ কৰা উচিত নহয়। যি ঠাইত নিৰ্ম্মল পানী একেবাৰে দুৰ্লভ, তাত পানী উতলাই চেঁচা কৰি ব্যৱহাৰ কৰা যুগুত। আজি কালি বিজ্ঞানৰ গুণত পানী শুদ্ধ কৰিবৰ বহুবিধ যন্ত্ৰ ওলাইছে, তেনে কোন যন্ত্ৰেৰেও দূষিত পানী শুদ্ধ কৰি ল'ব পৰা যায়।

------------------

শয়ন


 টোপনী ভাগৰুৱা শৰীৰ পৰম ঔষধ। দিনৰ ভাগত নানা কামত আৰু নানা জঞ্জালত মানুহৰ শৰীৰ আৰু মন ভাগৰি অথিৰ হয়, ৰাতিৰ ভাগত টোপনি মাৰি সিহঁতে সেই ভাগৰ সকলো পাহৰে। ৰাতি ভালকৈ টোপনি পালে, পুৱা উঠি নতুন সংসাৰত ওলোৱা যেন লাগে, শৰীৰত নতুন বল হয়, মনত নতুন উৎসাহ হয়, আৰু আগদিনাৰ এলাহ আমনি সমূলে নাইকিয়া হয় এইবিলাক পৰিমিত টোপনিৰ ফল, অপৰিমিত টোপনিৰ ফল ইয়াৰ বিপৰীত। অপৰিমিত ৰূপে টোপনি মাৰিলে গা গধুৰ হয়, মন বিমৰিষ হয়, হাত ভৰি ছিগি ভাগি যাব খোজে, আৰু উৎসাহ উদ্যোগ একো নাথাকে। পণ্ডিতবিলাকৰ মতে ৰাতি সাত ঘণ্টা শুলেই পৰিমিত টোপনি মৰা হয়, শৰীৰ মন সুস্থ হ'বলৈ তাতকৈ দীঘল টোপনি নালাগে।

 মানুহৰ বয়সৰ লগত টোপনিৰ বিশেষ সম্বন্ধ। শিশু কালত টোপনিৰ অধিকাৰ বেচি। কেচুৱা ল'ৰা-ছোৱালীবোৰ দিনে নিশায় শোৱে, এখন্তেকমান পৰি মাথোন সাৰে থাকে, কিন্তু সিহঁতৰ বয়স যিমানেই বাঢ়ি যায় সেই অনুপাতত