পৃষ্ঠা:সাৰথি (Sarothi).pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
সাৰথি

পাচত গৈ বহুত ভাত ধৰা হয়। কিন্তু তেনেকুৱা ভোজনে পেট মাথোন বঢ়ায়, শৰীৰ শকত নকৰে। এইদৰে আহাৰ বঢ়োৱা মানুহৰ গা কিৰ্‌কিৰীয়া, কিন্তু পেট ভাতৰ ডুলি।

 আহাৰ যেনেকৈ বঢ়াব পাৰি, তেনেকৈ টুটাবও পাৰি। নিতৌ দুই এগৰাহকৈ টুটাই নিলে পাচত গৈ অলপ খালেই পেট ভৰে আৰু হেঁপাহ পলায়। আগৰ কালত যোগীবিলাকে এইদৰে আহাৰ কমাইছিল সংসাৰ-যাত্ৰীৰ পক্ষে চেষ্টা কৰি আহাৰ কমোৱা যুগুত নহয়। সংসাৰত উদ্‌গতি কৰিবলৈ শৰীৰত বল শক্তি লাগে। আহাৰ কমাই শৰীৰ নিৰ্ব্বলী কৰিলে সংসাৰ-যুঁজত জয় লাভ কৰা টান হয়। এতেকে সংসাৰী মানুহে উচিত পৰিমানে আহাৰ কৰি গাত বল বন্ধা যুগুত। আহাৰ কমানে পৰিশ্ৰমী মানুহে অল্পায়ুস হয়।

 খোৱা বস্তুবিলাক পৰিস্কাৰ আৰু নতুন হ'ব লাগে। গেলি পচি বিকৃত হোৱা বস্তু খালে শৰীৰত ৰোগ হয়। এই নিমিত্তে বাহী আঞ্জা, বাহী ভাত খোৱা উচিত নহয়। খোৱা বস্তুৰ ভিতৰত কিছুমান গধুৰ অৰ্থাৎ গুৰু-পাকী আৰু কিছুমান পাতল অৰ্থাৎ লঘু-পাকী বস্তু আছে। গধুৰ বস্তু সোনকালে জীৰ্ণ নাযায়, সেই দেখি তেনে বস্তু সৰহকৈ বা সদায় খোৱা অনুচিত। কিছুমান মানুহে বিবেচনা কৰে যে খোৱা বস্তুৰ ভেদাভেদৰ পৰা মানুহ বলী বা নিৰ্ব্বলী হয়, কিন্তু এই কথাৰ ভাল প্ৰমাণ পোৱা নাযায়। মাংস এবিধ বৰ বলকাৰক বস্তু; তেওঁ মাংসভোজী মানুহ সকলোবোৰ বলৱন্ত নহয়। অনেক শাকেৰে পেট পোহা মানুহো মঙ্গহ ব্যৱহাৰ কৰা মানুহতকৈ বলৱন্ত আৰু শক্তিমন্ত হোৱা দেখা যায়। ইয়াৰ পৰা ঠাৱৰাব পাৰি যে সুস্থ শৰীৰত সকলো প্ৰকাৰৰ খাদ্য বস্তুৱে উপকাৰ দিয়ে। খাদ্য বস্তুৰ সোৱাদ বা জুতি বঢ়াবলৈ যিবোৰ বস্তু ব্যৱহাৰ কৰা হয় সেইবোৰ বস্তু সৰহকৈ খোৱা উচিত নহয়। চেনি, গুৰ, বাৰবাখৰ আদি বস্তুবোৰ কেৱল জুতিৰ বস্তু, এতেকে এইবোৰ সৰহকৈ খোৱা অনুচিত।

 নিৰ্ম্মল পানী স্বাস্থ্যৰ পক্ষে এবিধ বৰ লাগতিয়াল বস্তু। পানীৰ দুৰ্গুণৰ পৰা মনুষ্য শৰীৰত যে বহুত বিধ ৰোগ জন্মে ইয়াক কোনেও নহয় বুলিব নোৱাৰে। যিবলাক ঠাইত আগে জহৰী আদি মাউৰৰ বৰ প্ৰভাৱ আছিল, কলৰ ছেকা পানী ওলাবৰ পৰা সেইবিলাক ঠাইত মাউৰ কমি গৈছে। গা ধোৱা আৰু