পৃষ্ঠা:সাৰথি (Sarothi).pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
সাৰথি

বুলি অনুশোচনা কৰি ভগা স্বাস্থ্য জোৰা দিবলৈ উপায় বিচাৰি ফুৰে। কিন্তু ফটা বাঁহ কদাপি জোৰা নালাগে, স্বাস্থ্যৰ এবাৰ ভাগিলে দুনাই জোৰা নাখায়, ৰুগীয়াই তাৰ বাকী জীৱন ডোখৰ দেহাটোক বাণিফটা নাওৰ নিচিনা তালি-তাপলি দি বাব লগীয়া হয়।

 শয়ন ভোজন আৰু স্বভাৱ চৰিত্ৰৰ দোষত যে ৰোগ হয়, ই ধুৰুপ কথা। যাৰ স্বভাৱ চৰিত্ৰ ভাল, আৰু যি খোৱাবোৱাত সাৱধানে চলে তাৰ বেগতে ৰোগ নহয়। বাচি খালে আৰু জাগি শুলে, অৰ্থাৎ খাৱন শোৱনত সাৱধানে চলিলে নৰিয়া নহয় বুলি সকলোৱে কয়। কিছুমান নিৰ্ব্বোধ মানুহে নৰিয়াকো বিধিৰ লিখন বুলি বিবেচনা কৰে, আৰু কয় যে বৰ সাৱধানে চলা মানুহৰো মৰণ হয়। এই তৰ্কত কোনো গধুৰ যুক্তি আছে বুলি বোধ নহয়। জীৱনৰ ভিতৰত মানুহ এবাৰ মৰে, এবাৰৰ বেচি মৰণে দুখ নোৱাৰে, কিন্তু অসাৱধানে চলি মানুহে হাজাৰ বাৰ ৰোগত পৰে, আৰু হাজাৰ বাৰ যাতনা ফুঞ্জে। খাৱন শোৱন সম্বন্ধে কিছুমান স্বাভাৱিক নিয়ম আছে, সেই নিয়মবোৰ পালিলে মানুহৰ নৰিয়া নহয়, নাপালিলে হয়। নৰিয়া অনিয়মৰ শাস্তি মাথোন। এতেকে খাৱন শোৱনৰ নিয়মৰ ভিতৰত প্ৰধান প্ৰধান কেইটামানৰ বিষয়ে ইয়াত আলোচনা কৰা হয়।

---------------------

বাসৰ ঠাই

 সুস্থ শৰীৰ আৰু শুকান ঠাই এই দুয়োৰো ভিতৰত বিশেষ সম্বন্ধ আছে। জেকা ঠাইতে মানুহে কেতিয়াও গা ভালে ৰাখিব নোৱাৰে। স্বাস্থ্যৰ আনবোৰ আহিলা সকলো থাকিলেও কেৱল জেকা ঠাইৰ দোষতেই ঘনেপতি মানুহৰ নৰিয়া হয়। ইয়াৰ কাৰণ অলপ গমি চালেই বুজিব পাৰি। শুকান