পৃষ্ঠা:সাৰথি (Sarothi).pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
সাৰথি

শলাগিব লগীয়া। যেতিয়া যুঁজত হাৰিল, তেতিয়া তেওঁ ভাঁৰল এৰি দি প্ৰাণ লৈ গুচি যাব পাৰিলেহেঁতেন, তাৰ পৰা তেওঁৰ কোনো অখ্যাতি বা অপৰাধ নহ'লহেঁতেন, তথাপি যে তেওঁ জুইত জাহ দিলে, ই কেৱল তীক্ষ্ণ কৰ্ত্তব্যবোধৰ গুণ। চীন জাপানৰ ভিতৰত যি যুঁজ হৈ গৈছে, তাতো কৰ্ত্তব্যবোধৰ পটন্তৰ বহুত পোৱা যায়। এখন সমুদ্ৰ-যুঁজত এজন জাপানী চিপাহীয়ে জাহাজত থকা খাৰ ভঁৰালৰ ৰখীয়াৰ বাব পাইছিল। এদিন যেতিয়া দুই পক্ষৰ ভিতৰত তয়াময়া যুঁজ, তেতিয়া পানীৰ সোঁতৰ কাৰণেই হওক বা আন কোনো কাৰণতেই হওক খাৰ থকা জাহাজখন ঘুৰিলে আৰু খাৰ ভঁৰালটো শত্ৰু পক্ষৰ ফালে পৰিল। এই সুচল পাই সেই সেনাবিলাকে তাৰ ওপৰত ধাৰাসাৰে গুলি বৰষিবলৈ ধৰিলে। ৰখীয়াজনে দেখিলে যে খাৰত গুলি পৰিলে জুই লাগি প্ৰমাদ মিলিব, সেই দেখি ভঁৰাল ঢাকিবলৈ সি দুৱাৰ মুখত থিয় হ'ল, খেহৰ গুলি তাৰ গাত পৰিব ধৰিলে কিন্তু খাৰ ঢুকি নাপালেগৈ, যদিও দুই এট তাৰ গা সৰকি গৈ খাৰত পৰিছিল, বাটত জুৰাই যোৱাত খাৰত জুই নালাগিল। সেইদিনৰ যুঁজ শেষ হ'লত জাপানী সেনা সকলোৱে নিজ নিজ ঠাইত জিৰণি ল'বলৈ গ'ল, কিন্তু খাৰ ৰখীয়াজন ভঁৰালৰ দুৱাৰতে থিয় হৈ থাকিল। ইয়াৰ কাৰণ বুজিব নোৱাৰি জনচেৰেক মানুহ চাবলৈ গ'ল, গৈ দেখিলে যে তাৰ জীৱ নাই, মৰিছে, আৰু শটো ঠেৰেঙ্গা মাৰি থিয় হৈ আছে, তাৰ গাতে একুৰী আঠোটা গুলিৰ ফুটাও আছে। এইটো কৰ্ত্তব্যবোধৰ এটা উগ্ৰ দৃষ্টান্ত। এইবোৰৰ বাদে আজি কালিৰ দিনত জাহাজ চলাওঁতা আৰু ৰেইল গাড়ী চলাওঁতা বিষয়াবিলাকে নিজৰ প্ৰাণ দি যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা মাজে সময়ে শুনা যায়। এনেকুৱা অটল কৰ্ত্তব্য জ্ঞান থাকিলে কৰ্ম্ম সিদ্ধি নহৈ থাকিব নোৱাৰে। কৰ্ত্তব্য জ্ঞানে কৰ্ম্মলৈ উৎসাহ আৰু প্ৰতিজ্ঞা জন্মায়।

------------------------