পৃষ্ঠা:সাৰথি (Sarothi).pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
সাৰথি

 উগ্ৰ শ্ৰম উৎকট ব্যাধিৰ নিচিনা, সংসাৰ যাত্ৰীয়ে তাক সততে পৰিহাৰ কৰা উচিত। উগ্ৰ শ্ৰমৰ পৰা শৰীৰ ঘুণীয়া হয়, আৰু ভৱিষ্যতলৈ শ্ৰম কৰিব নোৱাৰা হয়। কোনো শকত-সজীয়া মানুহৰ উগ্ৰ শ্ৰমৰ পৰা ৰোগ নহ'ব পাৰে, কিন্তু সি যে আনতকৈ সৰহ কাম কৰিব পাৰে এনে নহয়। উগ্ৰ শ্ৰমৰ পাচত দীঘল জিৰণি লাগে, যি জিৰণি লওঁতেই আনে বহুত কাম কৰি উঠে। এতেকে এদিন উগ্ৰ শ্ৰম কৰি পাঁচ দিনলৈ জিৰণি লোৱাতকৈ নিতৌ অলপ অলপ শ্ৰম কৰাহে ভাল। উগ্ৰ শ্ৰম এক ৰকমে চালে বানপানীৰ নিচিনা। বানপানীৰ পৰা শস্যৰ বৰ উপকাৰ নহয়, নিয়মিতৰূপে বৰষুণ পালেহে শস্য শ্ৰীমন্ত হয়। কামৰো সেই পটন্তৰ তাকো নিয়মিতৰূপে কৰিলেহে শুৱলা হৈ উঠে।

 পৰিশ্ৰমী মানুহৰ শ্ৰমেই সুখ, সিহঁতে শ্ৰম নকৰি থাকিব নোৱাৰে, সিহঁতৰ পক্ষে শ্ৰম এটা ৰাগীৰ নিচিনা হয়। ৰাগী কৰা মানুহৰ ৰাগী নহ'লে যেনেকৈ গা মন বেয়া লাগে শ্ৰম কৰা মানুহৰো তেনেকৈ শ্ৰম নহ'লে গা মন বেয়া লাগে। শ্ৰমৰ পৰা সুখীয়াৰ সুখ দুগুণ বাঢ়ে আৰু দুখীয়াৰ দুখ কমি যায়। শ্ৰম জীৱ জগতৰ সাধাৰণ ব্যৱস্থা,পশু পক্ষীৰ ভিতৰতো এই ব্যৱস্থাৰ কাৰ্য্য দেখা যায়। কোনো পশু বা কোনো পক্ষীয়ে শ্ৰম নকৰাকৈ আহাৰ নাপায়, নানা ঠাইত নানা ৰকমে পৰুষাৰ্থ কৰিহে সিহঁতে পেট ভৰায়। বাঘে অটব্য বননিত হৰিণা বিচাৰি, আৰু মহে দুৰ্গম পিটনিত ঘাঁহ বিচাৰি নিতৌ হাৰাশাস্তি হয়। শৰীৰ সবল কৰিবলৈ, মনত শান্তিত ৰাখিবলৈ, আৰু সংসাৰত উদ্‌গতি কৰিবলৈ,এই সকলো কামতে পৰিশ্ৰম নহ'লে নহয়।

 শ্ৰম কুচিন্তাৰ পৰম ঔষধ। সদায় শ্ৰমত থকা মানুহে হিংসা কূচ্চুৰ্ট বা আনবিলাক কু-প্ৰবৃত্তিৰ কাম কৰিবলৈ আজৰি নাপায়। কুপ্ৰবৃত্তি এলাহত বাঢ়ে যাৰ এলাহ নাই তাৰ তেনে প্ৰবৃত্তি নাই। শ্ৰমীয়ে দিনদিনটো দুখ কৰি শৰীৰ ভাগৰাই আহে, গধূলি হ'লে পাটীত পৰিলেই টোপনি যায়, এতেকে বেয়া ভাৱ মনত আউটিবলৈ তাৰ সময় নাথাকে। পৃথিৱীত যিমান সজ প্ৰকৃতিৰ খ্যাতিমন্ত মানুহ আছে বা আছিল তেওঁবিলাকৰ জীৱনটো এটা শ্ৰমৰ সোঁত মাথোন।

 শ্ৰম বোলোতে শাৰীৰিক আৰু মানসিক দুয়ো বিধ শ্ৰম ধৰা হৈছে। দুয়ো বিধ শ্ৰমৰ একে ৰকম ব্যৱস্থা। শাৰীৰিক শ্ৰম বেচিকৈ কৰিলে শৰীৰ