পৃষ্ঠা:সাৰথি (Sarothi).pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
সাৰথি

হ'লে এই নিয়ম অনুসৰি প্ৰথমতে কামটোৰ এটা বিস্তৃত বিৱৰণ লিখি লয়, আৰু তাৰ কোন অংশ কেতিয়া, আৰু কেনেকৈ কৰিব লাগিব তাকো ঠিক কৰি লয়, পাচে সেই প্ৰণালীত কাম আৰম্ভ কৰি সুকলমে সমাধা কৰে। পঢ়া ল'ৰাবিলাকৰ ভিতৰত কোনোৱে সোনকালে পাঠ শিকি উঠে আৰু কোনোৱে দিনটো পঢ়িও শিকিব নোৱাৰে। ইয়াৰ কাৰণ এই যে কিছুমান ল'ৰাই প্ৰণালী লগাই পঢ়ে, আৰু কিছুমানে প্ৰণালী লগাব নাজানে। কোনো কোনো ল'ৰা স্বভাৱতে চোকা, আন ল'ৰাতকৈ সিহঁতে সোনকালে পাঠ শিকিব পাৰে। কিন্তু চোকা ল'ৰাৰ ভিতৰতো বহুত প্ৰভেদ আছে, বুধিয়ক চোকা ল'ৰাই সদায় এটা নিয়ম পাতিহে পুথি পাঠ কৰে। গ্ৰন্থকাৰে পুথি লিখোঁতে এটা প্ৰণালী লগাই লিখে। পঢ়োতাই সেই প্ৰণালীৰ আঁত ধৰি পঢ়িলে পুথিৰ কথা সোনকালে শিকিব পাৰি।

 কোনো কামত লৰালৰি কৰা উচিত নহয়, লৰালৰি কৰিলে কামত জোঁট লাগে আৰু দুদণ্ডৰ কামত চাৰি দণ্ড খৰচ হয়। যিমান লৰালৰি সিমান গহৰি, এই সাৰুৱা বচন সকলো দেশত চলিত আছে। খৰকৈ কৰি সোনকালে কামটো শেষ কৰিব খুজিলে আগৰ ভাগ পাচ আৰু পাচৰ ভাগ আগ হয় আৰু কেতিয়াবা কোনো ভাগ এৰাও পৰে। কাম শেষ হ'লে পাচত সেই ভুলবোৰ শুধৰাওঁতে দোৱাডাঁৰ হয়। শেহান্তৰত পলমতো হয়েই, তদুপৰি কামটো ভাল হৈ নুঠে। উচিত সময়তকৈ কম সময়ত কাম কৰি তুলিলে জাগ দি কল পকোৱা যেন হয়। কল পকিবলৈ স্বভাৱতে যিমান সময় লাগে তাতকৈ সোনকালে পকাবলৈ মানুহে কল জাগ দিয়ে কিন্তু জাগ দিয়া কল আৰু আপুনি পকা কল সোৱাদত বহুত বেলেগ।

 নিজৰাৰ সোঁতৰ নিচিনা মানুহৰ শ্ৰম সদায় চলি থাকিব লাগে। কেতিয়াবা এলাহত বহি থকা,আৰু কেতিয়াবা দেহ প্ৰাণ উছৰ্গি কাম কৰা উচিত নহয়। ছেগা-চোৰোকা শ্ৰমতকৈ ৰাহ লগোৱা শ্ৰমৰ গুণ সৰহ। যি বস্তু একোবত ভাঙ্গিব নোৱাৰি, ওপৰা ওপৰিকৈ কোবাই থাকিলে সিও ভাগি যায়। একেৰাহে গৈ থাকিলে দীক্‌ছৌ বাটো লঙ্ঘিব পাৰি। কাম যিমানেই কি ডাঙৰ নহওক সদায় নিয়ম মতে কৰি থাকিলে শেষ হয়। সদায় পৰিশ্ৰম কৰা মানুহে ডাঙ্গৰ কাম দেখি ভয় নাখায়।