পৃষ্ঠা:সাৰথি (Sarothi).pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লাগে। এই দেখি মানুহে মিছা কৈ অপকৰ্ম্ম ঢাকে। অপকৰ্ম্ম মানুহৰ চৰিত্ৰৰ ছিদ্ৰ তাক মিছা কথাৰে সোপা নিদিলে চৰিত্ৰ ওলাই পৰে। মিছা কথা অপকৰ্ম্মৰ ঢাকনী, যাৰ অপকৰ্ম্ম সংখ্যা সৰহ তাৰ মিছা ক'বৰ হেতু সৰহ। এতেকে মিছা কথা এৰিব লাগিলে অপকৰ্ম্মৰ পৰা আঁতৰত থাকি গুপ্ত কথাৰ মূৰ মৰা উচিত।

       মিছা কথাৰ প্ৰায় সকলো বিধেই গৰ্হিত, তাৰ ভিতৰত আন মানুহক বিপদত পেলাবলৈ যি মিছা কোৱা হয় সি আওগৰ্হিত; এই বিধৰ মিছাই মানুহক অনুক্ৰমে পশুৰ শ্ৰেণীলৈ নিয়ে। ঘটনাৰ মেৰত পৰি এদিন এটা মিছা কথা কোৱা বেলেগ কথা, এই বিধ মিছলীয়াৰ পুনৰ সংস্কাৰ হয়। কিন্তু যি আন লোকক বিপদত পেলাই ৰং চাবলৈ মিছা কথা কয়, তাৰ পুনৰ সংস্কাৰ নাই, তাৰ মন মিছাৰ গৰলে একেবাৰে জিনি পেলায়। চৰিত্ৰ ভাল কৰিব লাগিলে এনেকুৱা মিছাৰ পৰা দূৰতে বিদূৰ হোৱা উচিত। অপকৰ্ম্ম ঢাকিবলৈ কোৱা মিছা কথাৰ শেষ আছে, কাৰণ অপকৰ্ম্ম কৰিবলৈ এৰিলে তেনে মিছাৰ প্ৰয়োজন নোহোৱা হয়, কিন্তু ছলাহী মিছাৰ শেষ নাই। মাছৰ কণী হাজাৰ হাজাৰ, মিছাৰ কণী অলেখ। এনেকুৱা মিছাই পোৱালী পাৰে, ইয়াৰ এটা মুখৰ পৰা ওলালে শটাই পাচ ধৰে। এই বিধৰ মিছা এৰোঁ বুলি এৰিবলৈ টান, কিয়নো মিছা কথা কৈ অনেক বিপদত পেলালে আন জনৰ মনত খং উঠে, আৰু সি তাৰ পোটক তুলিবলৈ চেষ্টা কৰে, ফলত গৈ এটা সংগ্ৰাম উপস্থিত হয়। সেই সংগ্ৰামত আদিৰ মিছা ঠিক ৰাখিবলৈ অসংখ্য নতুন মিছা স্ৰজিব লগীয়া হয়। মিছা কথাৰ ঠেং চুটি, তাক আন মিছাৰে ঢোকা নিদিলে ৰব নোৱাৰে। মিছাইহে মিছাৰ বল।

       কেতিয়াবা কেতিয়া মিছা ভাব এটাকো সঁচা কথাৰে প্ৰকাশ কৰিব পাৰি। বহুতে সত্যবাদী বোলাবলৈ এই বুদ্ধি কৰে। কিন্তু ইয়াৰ পৰা সত্য ৰক্ষা নপৰে। যাৰ আগত কথা কোৱা যায় তাৰ বিশ্বাসেই কথাটোৰ সঁচা মিছাৰ প্ৰমাণ। তোমাৰ বৰ্ণনাৰ পৰা যদি সি আচল কথাটো বুজে, তেনেহলে তুমি তাক সঁচা কথা কৈছা, যদি মিছা কথা এটা সচাঁ বুলি বুজি যায়, তেনেহলে,তুমি মিছা কথা কৈছা তোমাৰ কথা কেইআষাৰ সঁচা হ'ব পাৰে, কিন্তু সেই বুলি তোমাক সত্যবাদী বুলিব নোৱাৰি। অশ্বত্থামা হত-ইতি-গজ কাহিনী সকলোৱে জানে। এই বাক্যৰ কথা কেই আষাৰ সঁচা, কিন্তু ভাবটো মিছা। ফট্‌ফটীয়া মিছা ক'লে চৰিত্ৰৰ ওপৰত যি ফল ফলে, এইদৰে চাঁচৰি কোবাই মিছা ক'লেও সেই ফল ফলে।