পৃষ্ঠা:সাৰথি (Sarothi).pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
সাৰথি

গৰাকী নোহোঁৱা ৰুগীয়া গৰু ছাগলীক চিকিৎসা কৰি ভাল কৰিছিল। এইবোৰ ব্যৱস্থা সংসাৰ ব্যাপী দয়াৰ ফল। দয়া নামনিলৈ বয়, অৰ্থাৎ তোমাতকৈ যি হীন তালৈ তোমাৰ দয়া উপজে। ল'ৰা মানুহলৈ বয়সীয়া মানুহৰ মৰম লাগে, কাৰণ ল'ৰা বয়সীয়াতকৈ বয়সত হীন, দুখীয়া মানুহলৈ ধনী মানুহৰ মৰম লাগে, কাৰণ দুখীয়া ধনীতকৈ ধনত হীন।

 দয়া গুণৰ উদ্‌গতি সাধিব লাগিলে ক্ষমা গুণ কৰ্ষণ কৰিব লাগে; ক্ষমা কৰিবলৈ শিকিলে দয়া কৰিবলৈ শিকা হয়। কোনোবাই তোমাৰ অহিত কৰিলে ঘূৰাই তাৰ অহিত কৰিবলৈ মন যায়, তেতিয়া মনক সামৰি ৰাখিলেই ক্ষমা কৰা হয়। আনে কৰা অপকাৰৰ প্ৰতিশোধ ল'বলৈ ইচ্ছা কৰা গৰ্হিত কাম। প্ৰতিশোধ হিংসাৰ আন এটা নাম মাথোন। প্ৰতিশোধৰ ভাব মনত সোমালে মন কলঙ্কিত হয়। প্ৰতিশোধ ল'লে সি পক্ষৰ হিংসা বাঢ়ি যায় আৰু ভৱিষ্যত মিলৰ মূৰ মৰে। বৈৰী দমনৰ অমোঘ মন্ত্ৰ ক্ষমা। বহুতে বিবেচনা কৰে যে হিংসাৰ সলনি হিংসা নকৰিলে হিংসকে লাই পায়। এই বিশ্বাস ভুল। হিংসাৰ প্ৰতিশোধ নলৈ ক্ষমা কৰিলে হিংসকে লাজ পায়, আৰু তাৰ হিংসাৰ তেজ কমি যায়। আনৰ অহিত চিন্তা কৰা অজ্ঞানীৰ কাম, তাৰ পোটক তুলিবলৈ চেষ্টা কৰিলে নিজকো অজ্ঞানী বুলি চিনাকি দিয়া হয়। বিশেষতঃ খিয়লীয়াৰ লগত খিয়লীয়া আৰু কপটীয়া হ'লে চৰিত্ৰ কদাপি সংশোধন কৰিব নোৱাৰি।

 তুমি আনৰ অহিত নকৰিলে আনে তোমাৰ অহিত নকৰে, ই ধুৰুপ কথা। এতেকে জানিব লাগে যে আনৰ বৈৰী ভাবৰ হেতু তোমাৰ গাত আছে, অৰ্থাৎ তোমাৰ কাৰ্য্যৰ নিমিত্তে আন জন তোমাৰ বৈৰী হয়। তুমি জ্ঞান পক্ষে কাৰো অহিত নকৰিলেও তোমাৰ কাৰ্য্যৰ পৰা যদি কাৰো অহিত হয়, তেনে হলেও সি তোমাৰ প্ৰতি কুপিত হয়। আচল কথা জানিলে তাৰ কোপ গুচিব পাৰে, কিন্তু কুপিত মানুহে তালৈ অপেক্ষা নকৰি হঠাৎ এটা কৰি অঁতায়। ই অৱশ্যে অজ্ঞানীৰ কাম। সেই দেখি ইয়াক ধৰা উচিত নহয়। অজ্ঞানীৰ অপৰাধ ক্ষমা কৰা যুগুত বুলি সকলো শাস্ত্ৰত কয়।