পৃষ্ঠা:সাৰথি (Sarothi).pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চিন্তা

বেজে যেনেকৈ নানা তৰহৰ বস্তু মিহলাই খুন্দি, কুটি, বাটি পৰম গুণকাৰী দৰব প্ৰস্তুত কৰে, সোণাৰিয়ে যেনেকৈ সৰু সৰু সোণৰ চেকুৰা গোট কৰি জুইত উতলাই মহামূল্য অলঙ্কাৰ প্ৰস্তুত কৰে, বাঢ়ৈয়ে যেনেকৈ সৰু সৰু চলীয়া কাঠ লগ লগাই বিতোপন পীৰা বা পালেং প্ৰস্তুত কৰে, শিপিনীয়ে যেনেকৈ কপাহী আৰু সোণালী সূতা গোট কৰি ধুনীয়া ৰিহা মেখেলা বা চেলেং চুৰিয়া বয়, সেইদৰে চিন্তাইও নানাবিধ উপকৰণ অৰ্থাৎ ভাব গোট লগাই খুন্দি কুটি, গুলি পিহি জ্ঞান প্ৰস্তুত কৰে। মানুহে নানা দেশত ফুৰি, আৰু নানা পুথি পঢ়ি, উপকৰণবোৰ যতনাই দিয়ে, চিন্তাই নিজৰ গঢ়শালিত বহি সেই উপকৰণবোৰ উচিত পৰিমাণে মিহলাই জ্ঞান বুদ্ধি আদি অমূল্য বস্তুবিলাক সাজি তোলে। কেৱল পঢ়ন বা দৰ্শনৰ পৰা জ্ঞান বুদ্ধি নোপজে। অনেক মানুহে পুথি পঢ়ে আৰু নানা দেশৰ নানা বস্তু চাই ফুৰে, কিন্তু সিহঁত সকলোৱেই পণ্ডিত বা জ্ঞানী নহয়। কোনো বস্তু দেখিলে বা কোনো কথা পঢ়িলে, সেই বস্তু বা কথা সম্বন্ধে এটা এটা ভিন ভিন ভাব ওপজে, সেই ভাববোৰ সানমিহলি কৰি তাৰ পৰা সাৰ বস্তু খিনি উলিয়াই ল'ব নোৱাৰিলে জ্ঞানৰ উৎপত্তি নহয়। তুমি নানাবিধ বলকাৰক বস্তু খাব পাৰা, কিন্তু উদাৰগ্নিয়ে বস্তুবোৰ জীৰ্ণ কৰি সাৰ উলিয়াই নিদিলে তোমাৰ গাত বল নজন্মে। সেইদৰে তুমি পঢ়ন দৰ্শন আদি উপায়েৰে নানা বিধ ভাব সঞ্চয় কৰিব পাৰা, কিন্তু চিন্তাই সেই ভাববিলাক জীৰ্ণ কৰি সাৰ গোটাই নিদিলে জ্ঞান নজন্মে। উদাৰগ্নিৰ নিচিনা চিন্তা মনৰ জীৰ্ণকাৰী শক্তি চিন্তাৰ চাকত পৰি ভিন ভিন ভাববিলাক জীৰ্ণ নগ'লে মনে জ্ঞানৰূপ বল লাভ কৰিব নোৱাৰে।

চিন্তা প্ৰশ্নৰ ফল, অৰ্থাৎ যি বস্তু দেখা যায় সেই বস্তু সম্বন্ধে মনক প্ৰশ্ন কৰিব লাগে, প্ৰশ্ন কৰিলেই চিন্তা কৰা হয়। প্ৰশ্নৰ পৰিমাণেই শিক্ষাৰ পৰিমাণ। যি বিষয়ত যিমান প্ৰশ্ন উদয় হয়, সেই বিষয়ত সিমান শিক্ষা লাভ কৰা যায়। তোমাৰ নিজৰ বুদ্ধিত কোনোটো প্ৰশ্নৰ উত্তৰ বিচাৰি নাপালেও, পুথি বা পণ্ডিতৰ পৰা তাক শিকি ল'ব পাৰা।

কোনো এটা বস্তুৰ বিষয়ে চিন্তা কৰিব লাগিলে, বস্তুটো সমুখত থাকোঁতেই কৰা