পৃষ্ঠা:সাৰথি (Sarothi).pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পণ্ডিতবিলাকেও একো জনে একোটা বিষয়ৰ বিজ্ঞান হে চৰ্চ্চা কৰিছিল। কিন্তু এটা বিষয়ৰ সম্পুৰ্ণ জ্ঞান লাভ কৰিবলৈ সকলো বিষয়ৰ অলপ অলপ জানিব লাগে, সকলোৰে কিঞ্চিৎ কিঞ্চিৎ তেহে এটাৰ সমুচিত। এতেকে আগেয়ে সকলো বিষয় অলপ অলপ জ্ঞান গোটাই লৈ, পাচত এক বিষয়ত ভালকৈ লাগিব লাগে।

বিশ্ব অধ্যয়ন

পুথিৰ প্ৰধান বিশ্ব। এই পুথিৰ ৰচক ঈশ্বৰ। বিশ্ব পুথি পাঠ কৰি সকলো প্ৰকাৰ জ্ঞান লাভ কৰিব পৰা যায়। আগৰ কালৰ পণ্ডিতবিলাকে এই পুথি পাঠ কৰি অক্ষয় জ্ঞানৰ ভৰাল বান্ধিছিল। উদ্‌গতি পথৰ যাত্ৰীবিলাকৰ পক্ষে বিশ্বই পাঠৰ ঘাই বিষয়। বিশ্ব-পুথি পাঠ কৰি, কোনেও কদাপি শেষ কৰিব পৰা নাই। বিশ্ব পাঠ বিজ্ঞান পাঠৰ অন্তৰ্গত। বিশ্বৰ নানা ভাগ আছে,তাৰ একোটা ভাগেই একো বিধ বিজ্ঞান হৈছে। বিশ্ব-পুথি মানুহে ৰচা পুথিৰ নিচিনা নহয়। মানুহে পুথি ৰচিলে তাত কথাবিলাক বিবৰি ব্যাখ্যা কৰে, কিন্তু বিশ্ব পুথিত সকলো কথা আদিৰ পৰা অন্তলৈ অভিনয় কৰি দেখুৱাইছে। আচল মতে বিশ্ব এটা নাট মন্দিৰ, তাত উৰণ, বুৰণ, গজন, ভ্ৰমণ কেইও জাতি জীৱই নানা বিধ ভাও দি নিজ নিজ তত্ত্ব বিদিত কৰিছে। বিশ্বৰ প্ৰত্যেক বস্তুই একোটা নায়ক,আৰু তাৰ জীৱনটো একোখন নাট। নায়কে তাৰ জীৱনৰ পাতনিৰ পৰা সামৰণিলৈকে সকলো বৃত্তান্ত অভিনয় কৰি দেখুৱায়। এই অভিনয় মন দি চালে বিজ্ঞান শিক্ষাৰ ফল পোৱা যায়। ল'ৰাক ফলাৰ আখৰ চিনাবলৈ আজি কালি মানুহে অনেক ধেমেলীয়া উপায় উলিয়াইছে, কৰ নিচিনা কেঁকোৰা সাজিছে, গৰ নিচিনা গাধ সাজিছে, সেয়েৰেহে অধ্যাপকে ল'ৰাক আখৰ শিক্ষা দিয়ে। ঈশ্বৰেও মানুহক জ্ঞান শিক্ষা দিবৰ নিমিত্তে নানা বিধ বস্তু নিৰ্ম্মাণ কৰিছে। আমি সেই বস্তুবোৰৰ তত্তব বিচাৰ কৰি জ্ঞান আৰু আনন্দ দুয়োকে লাভ কৰিব পাৰোঁ।

ৰচক বিদ্যা বুদ্ধি অনুসাৰে পুথি সাৰুৱা বা জাবৰুৱা হয়। ঈশ্বৰ বিদ্যা বুদ্ধিৰ আদি আৰু অন্ত, তেওঁ বিদ্যাময়, বুদ্ধিময়, আৰু জ্ঞানময়, এতেকে তেওঁ ৰচা বিশ্ব যে সাৰময় পুথি, তাক এনেই বুজিব পাৰি। এই বিৰাট পুথি পাঠ কৰিলে সকলো