পৃষ্ঠা:সাৰথি (Sarothi).pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সহস্ৰপতিয়ে অতুল ধনী, আৰু মূৰ্খ দেশত আখৰ পঢ়িব পাৰিলেই পৰম পণ্ডিত নাম পায়। কিন্তু যি বিদগ্ধ পণ্ডিত আৰু প্ৰবল ধনী দেখা পাইছে, তাৰ মন ডাঙ্গৰ হয়, সি কদাপি অলপীয়া ধনত বা অলপীয়া বিদ্যাত সন্তুষ্ট হৈ থাকিব নোৱাৰে; এতেকে উদ্‌গতি বিচৰা মানুহৰ আৰ্হি সদায় ডাঙ্গৰ হোৱা উচিত। আৰ্হিৰ উপযুক্ত লোক জগতত বহুত আছে, কিন্তু তেওঁলোকক হাতে হাতে লগ পাবলৈ টান,সেই দেখি মানুহে তেওঁলোকৰ চৰিত্ৰ পাঠ কৰি মনত উচ্চ আৰ্হি যতনাই লয়।

       বুৰঞ্জী পঢ়ি চৰিত্ৰ পাঠৰ ফল পোৱা নাযায়। বুৰঞ্জীত এটা জাতিৰ কাৰ্য্যকলাপ আৰু সিহঁতৰ উদ্‌গতি অধোগতিৰ বিৱৰণ মাথোন থাকে, কোনো এজন বিশেষ মানুহৰ জীৱনীৰ বিস্তাৰিত বিৱৰণ নাথাকে। চৰিত্ৰ পুথিত এজন মানুহৰ জীৱনী বহলাই বৰ্ণোৱা হয়, গতিকে তাক পঢ়িলে সেই জন মানুহৰ জীৱনৰ আদি অন্ত সমস্ত কাহিনী জানিব পাৰি। এজন বৰলোকৰ ঘাই কাম কেইটাৰ বিৱৰণ জানি থ'লেই চৰিত্ৰ পাঠৰ সম্পূৰ্ণ ফল পোৱা নাযায়, তেওঁৰ সৰু সৰু কামবোৰৰো সবিশেষ জনা উচিত। সৰু সৰু কামৰ পৰাহে মানুহৰ স্বভাৱ লক্ষ্য কৰিব পাৰি। যি জন মানুহক তুমি জীৱনৰ আৰ্হি কৰি লোৱা, তেওঁৰ শোৱন খাৱনৰ ৰীতিনীতি, আলাপ অভ্যৰ্থনাৰ নিয়ম প্ৰণালী সকলোবোৰকে জানি ল'ব লাগে। নিজৰ জীৱনৰ কোনো কথা যেনে তোমাৰ অবিদিত নাই,সেইদৰে তোমাৰ আৰ্হি মানুহ জনৰো কোনো কথা অবিদিত থাকিব নালাগে। আৰ্হি মানুহজন তোমাৰ পক্ষে আৰ্চি যেন হোৱা উচিত,তেহে তেওঁৰ দৃষ্টান্ত অনুসৰি চলিব পাৰিবা। বুৰঞ্জীৰ পৰা কোনো মানুহৰ ইমান খিনি সূক্ষ্ম বিৱৰণ জানিব নোৱাৰি।


বস্তু বিজ্ঞান অধ্যয়ন

       বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল। ইয়াৰ বলত মানুহে অদ্ভুত অদ্ভুত কাম কৰিব লাগিছে। ৰেইল, জাহাজ, টেলিগ্ৰাফ, ফটোগ্ৰাফ, মনোগ্ৰাফ, টেলিফোন, গ্ৰামোফোন, অনুবীক্ষণ দূৰবীক্ষণ; সম্প্ৰতি ওলোৱা বিমান, নানাবিধ ঔষধ আৰু নানা ৰকম চিকিৎসাৰ প্ৰণালী, এই এটাইবিলাক বিজ্ঞান চৰ্চ্চাৰ ফল। বিজ্ঞান চৰ্চ্চা কৰিলে প্ৰকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰিব পাৰি, অৰ্থাৎ প্ৰাকৃতিক ঘটনাবোৰৰ মূল কাৰণ জানিব