পৃষ্ঠা:ল'ৰা-ছোৱালীৰ ৰং-ঘৰীয়া খেল.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ভাও-খেল


 (১) জিৰাফৰ খোজ:-
 ওপৰলৈ হাত তুলি, হাত ফিট্ ফিটীয়া কৰি ৰাখি, এখন হাতৰ বুঢ়া আঙুলি আন খন হাতেৰে খামোচ মাৰি ধৰি, আঠু নভঙাকৈ ভৰিৰ আঙুলিৰ ওপৰত বেঙা মেলি মেলি খোজ কাঢ়িব। ল’ৰাবোৰক মণ্ডলাকাৰত থিয় কৰাই ল’লে ভাল হয়। ইয়াত গোটেই শৰীৰৰ ব্যায়াম হয়।

 (২) শহাৰ খোজ:-
 ল’ৰাবোৰ ভৰিৰ ওপৰত বহিব। হাত দুখন মূৰৰ দুফালে কাণ দুখনৰ ওপৰত ওপৰলৈ আঙুলি উলিয়াই, শহাৰ কাণৰ নিচিনা কৰি, ৰাখিব। আৰম্ভণৰ ইঙ্গিত দিলে শহাৰ কাণ দুখন লৰাই লৰাই ল’ৰাবোৰে জাপ মাৰিব। জাপ মাৰোঁতে কিলাকুটি দুটা আগলৈ পাছলৈ লৰাই থাকিব।

 (৩) পাৰ চৰাই উৰা:—
 হাত দুখন মেলি ল’ৰাবোৰে টুপ্-টুপ্ কৈ জাপ মাৰিব।

 (৪) ভূতৰ হুমুনিয়াহ:–
 হাত ওপৰলৈ মেলি দীঘলাই উশাহ টানি, তললৈ হাত নমাই আগলৈ হাওঁলি, “আ” উচ্চাৰণ কৰি উশাহ এৰিব।

 (৫) ভকতৰ ঈশ্বৰ নাম:-
 ৪ নংৰ দৰেই হাতমেলি উশাহ লৈ, ”গড”, ”নাৰায়ণ”, বা ”আল্লা” বুলি উশাহ এৰিব।