পৃষ্ঠা:ল'ৰা-ছোৱালীৰ ৰং-ঘৰীয়া খেল.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বজাৰ বা অন্য কোনো এটা মাত মতাব। অলপ সময় বজাই বা মতাই বন্ধ কৰি, চকু বান্ধি থোৱা লৰা’বোৰক সুহুৰি বজোৱা বা মাত মতা মানুহজনক গৈ ছুবলৈ ক’ব। যি দলৰে ল’ৰাই প্ৰথমতে ছুব সেই দলৰে জয় হব।

 (৭১) সুৰঙ্গ সোমা:—
 প্ৰতি দল ভৰি দুটা মেলি মেলি ইটো ল’ৰাৰ পাছত সিটো ল’ৰাকৈ থিয় হ’ব। প্ৰতিদলেৰে শেষৰ ল’ৰাটোৱে, আৰম্ভণৰ ইঙ্গিত পোৱা মাত্ৰে, ভৰিৰ তলেদি ( সুৰঙ্গ টোৱেদি ) গৈ ১ম লৰাটোৰ আগত থিয় হৈ হাত মেলিব। হাত মেলা মাত্ৰে ইটো ল’ৰা যাব। এইদৰে ১ম ল’ৰাটো আকৌ গৈ শাৰীৰ মূৰত থিয় হ’লেই খেল শেষ হয়। যি দলেৰে প্ৰথমে হয় সেই দলেৰে জয় হয়।

 (৭২) বেজী-সূতা:—
 দুটা দল হ’ব। দুইদল এশাৰী পাতি থিয় হ’ব। হাত ধৰা-ধৰি কৰি গোটেই শাৰীটোৱে এডাল শিকলি বা সূতা কৰিব। ১ ২ ৩ ৪ ৫ ৬ ৭ ৮    ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ফালৰ মূৰৰ লৰাদুটাই, (অৰ্থাৎ ওপৰত দিয়া ভিতৰৰ ৮ ১ নম্বৰে) ফাঁক হৈ থিয় দি হাত দুখন তোৰণ কৰি ওপৰলৈ তুলি ধৰিব। এইটো হ’ব বেজীৰ বিন্ধা। আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত দুয়োটা দলে শেষৰ ল’ৰাটোৰ পৰা আৰম্ভ কৰি, সুতা ডাল নিছিঙাকৈ (অৰ্থাৎ হাত নেৰাকৈ) বিন্ধাটোৱেদি ক্ৰমান্বয়ে সোমাই পুনৰ আগৰ ঠাইত আহি শাৰী পোনাই ৰবহি লাগে। যি দলেই প্ৰথমতে শাৰী পোন কৰি ৰ’ব পাবে সেই দলৰে জয় হয়।