পৃষ্ঠা:ল'ৰা-ছোৱালীৰ ৰং-ঘৰীয়া খেল.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 (৫১) কেঁকোৰ লৰ:—
 এই খেল এযোৰ এযোৰ হৈ খেলে আৰু কেবাযোৰো গোট খাই এটা দল হ’ব পাৰে।
 ইটোৱে সিটোৱে হাতেৰে কেৰেপা লগাই ধৰি পিঠিয়া-পিঠি হৈ যোৰ পাতে। ল’ৰা দুটাৰ সোঁ কি বাওঁ কাষ সম্মুখত থকা খুঁটিমুখীয়া কৰি দুয়ো এক হৈ জপিয়াই জপিয়াই লৰি যাব লাগে। ১ম যোৰ লৰি গৈ খুঁটিয়েদি ঘূৰি আহি আঁচ পাৰ হ’লে ২য় যোৰ যাব, ইত্যাদি। যি দলৰে শেষৰ যোৰাই প্ৰথমে শেষ কৰে সেইদলৰে জয় হ’য়।

 (৫২ ) পানীত—পাৰত—(মনোযোগিতা খেল) :-
 মাটিত আঁচ পাৰি বা লাঠী ব্যায়ামৰ দিনত ল’ৰাবোৰে মণ্ডল পাতি সন্মুখত লাঠীবোৰ পাৰি পাৰি এটা মণ্ডল কৰিব। মণ্ডলটোৰ ভিতৰ ঠাই হ’ব পানী আৰু বাহিৰ ঠাই পাৰ। ল’ৰাবোৰ মণ্ডলৰ আঁচৰ ওচৰত পাৰত থিয় হ’ব। শিক্ষকে ”পানীত” বুলিলে ল’ৰাবোৰে জাপ মাৰি আঁচৰ ভিতৰ হ’ব আৰু ”পাৰত” বুলিলে জাপ মাৰি আঁচৰ বাহিৰ হ’ব। পাৰত থিয় হৈ থকা অৱস্থাতে যদি ‘পাৰত' বোলা যায় আৰু পানীত থিয় হৈ থকা অৱস্থাতে যদি “পানীত” বোলা যায় আৰু ল’ৰাবোৰে যদি জাপ মাৰে বা মাৰিবলৈ গা লৰাই তেন্তে কটা পৰে। মণ্ডলটোৰ এক আধা এটা দল আৰু ইটো আধা আনটো দল। যি দলৰে নিৰ্দিষ্ট সময়ৰ ভিতৰত বেচি কটা পৰে সেইদলেই হাৰে।