পৃষ্ঠা:ল'ৰা-ছোৱালীৰ ৰং-ঘৰীয়া খেল.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তুৰন্তে ১ম টোৰ দৰে জপিয়াবলৈ আৰম্ভ কৰি আৰু ঘূৰি আহি শাৰীৰ শেষ পাই শেষৰ ল’ৰাটোৰ ওপৰেও জাপমাৰি নিজৰ ঠাই পাই নিজৰ আগৰ ল’ৰাটোক চাপৰিয়াই নিজ ঠাইত থাকি যাব। এইদৰে ৩য় টো গৈ ঘূৰি আহি (শেষৰ পৰা) ১ম আৰু ২য় টোৰ ওপৰেও জাপ মাৰি ৪ ৰ্থক চাপৰিয়াব। এইদৰে যি দলৰে সকলো ল’ৰাৰ জাপ মৰা আৰু লৰমৰা শেষ হ’ব সেইদলৰে জয় হ’ব।
 এইটো খেল মণ্ডল পাতিও খেলিব পাৰি। মণ্ডলটোৰ আধা এদল আৰু ইটো আধা আন দল। মণ্ডলটোৰ ল’ৰাবোৰে সোঁফালে কি বাওঁফালে (কিন্তু সকলোৱেই একে ফালে) থিয় হ’ব। আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত প্ৰত্যেক দলৰে শেষৰ ল’ৰাই জপিয়াবলৈ আৰম্ভ কৰিব আৰু গোটেই মণ্ডলটো জপিয়াই ঘূৰি আহি নিজ ঠাই পাই আগৰটোক হেচুকি দি নিজ ঠাইত বেঁকা হৈ থাকি যাব। যি দলৰে প্ৰথমে শেষ হয় সেইদলেই জিকে।

 (৩৯) এঠেঙীয়া খেল:—
 সুৰঙ্গ বল খেলত থিয় হোৱাৰ দৰে ল’ৰাবোৰ থিয় হ’ব। আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত ১ম ল’ৰাটো এঠেঙেৰে জপিয়াই জপিয়াই খুটিলৈ গৈ সেইদৰেই আকৌ ঘূৰি আহি নিজা ঠাই পাবহি আৰু পোৱা মাত্ৰকে ২য় ল’ৰা যাব। তাৰপিছত ৩য় ইত্যাদি। যি দলৰে প্ৰথমে শেষ হয় সেইদলৰে জয়। (জপিয়াই শেষ কৰা মাত্ৰে প্ৰত্যেক ল’ৰাই শাৰী এৰি আঁতৰত থাকিলে সুবিধা হয়)।