পৃষ্ঠা:ল'ৰা-ছোৱালীৰ ৰং-ঘৰীয়া খেল.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আৰু বাহিৰৰ অৰ্থাৎ ২ নংৰ দল হ’ল চোৱাৰী। আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত চোৱাৰীবোৰ ঘোঁৰাৰ মণ্ডলটোৰ বাহিৰে (ওচৰে ওচৰে) লৰি ঘূৰি ফুৰিব। ঘূৰি ফুৰোঁতে ঘোঁৰা এটা কাটি আঁতৰাই বহুৱাই থ’ব আৰু ২য় ইঙ্গিত দিব; ২য় ইঙ্গিত দিয়া মাত্ৰে চোৱাৰীবোৰে য’তে যাকে পায় একোটাহঁত ঘোঁৰা ধৰি থিয় হ’ব। কোনোবা এটা চোৱাৰী ঘোঁৰা নোপোৱাকৈ বাকী থাকিব আৰু তেতিয়া সেই চোৱাৰী কটা পৰিব আৰু ওলাই আঁতৰত বহি থাকিবগৈ। আকৌ খেল আৰম্ভ হ’ব আৰু ক্ৰমান্বয়ে ঘোঁৰা আৰু চোৱাৰী কাটি কাটি গৈ থাকিব। যি চোৱাৰীয়েই শেষলৈকে থাকিবগৈ সেই চোৱাৰীয়েই ৰজা হ’ব, আৰু বাকীবোৰে বেৰি ধৰি যেই কোনো ধৰণেৰে এটা অভিনন্দন দিব।

 (৩৭) ৰথ-খেল:—
 এই খেলটো ৩ কি ৪ টাকৈ কঁকালত ধৰা-ধৰি কৰি, খুটিৰ ফালে পথালি ভাবে শাৰী পাতি অৰ্থাৎ ১ নংৰ কাষত ২ নং, ২ নংৰ কাষত ৩ নং আৰু ৩ নংৰ কাষত ৪ নং থিয়হৈ খেলিব। এটা দলৰে কেবাটাও সৰু সৰু দল হ’ব পাৰে। একোদলত ল’ৰাৰ সংখ্যা যেনিবা ১৬ টা। এটা দলৰে ৪ টা সৰু সৰু দল হ’ব আৰু ৪ টাকৈ কঁকালত ধৰা-ধৰি কৰি ইটো সৰু দলৰ পাছত সিটো সৰুদল থাকি থিয় হ’ব। আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত প্ৰত্যেক দলৰে ১ম সৰু-দল নিজ নিজ খুঁটিলৈ লৰি গৈ, খুটিয়েদি ঘূৰি আহি আঁচ পাৰ হ’ব আৰু ততালিকে ২য় সৰুদল যাব। এইদৰে যাৰে প্ৰথমতে শেষ হ’ব সেইদলৰে জয় হ’ব।