পৃষ্ঠা:ন-বোৱাৰী.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৩৫]
ন-বোৱাৰী


চন্দ্ৰ—তুমি মোৰ শকুন্তলা বিদ্যা।
লাবন্য—আপুনি মোৰ দুষ্মন্ত, সুন্দৰ।
চন্দ্ৰ--তুমি শকুন্তলা আৰু বিদ্যাসুন্দৰ পঢ়িছা নে?
লাবন্য—আপোনাক কেলৈ।
চন্দ্ৰ--খাৰ খাবলৈ।
লাবন্য—তেন্তে পঢ়িছো।
চন্দ্ৰ-পঢ়িবলৈ কোনে শিকালে।
লাবন্য-দেউতাই।
চন্দ্ৰ—তেনেহলে ময় ভাল ভাল কিতাপ অনাই দিলো হেতেন, নেকোৱা কিয়?
লাবন্য-আপোনালোকৰ তাত পঢ়িবৰ মন নেযায়।
চন্দ্ৰ—কিয়?
লাবন্য—জানো কব নোৱাৰো।
চন্দ্ৰ- তেন্তে ইযাতে কিছুদিন থাকা।
লাবন্য—সৰহ দিন নেথাকো, আইৱে খং কৰিব তাতোকৈ আপুনি জানো ইয়াত থাকিব।
চন্দ্ৰ--ময় থাকিম কিয়?
লাবন্য—আপুনি নেথাকিলে মনেই ভাল নেলাগে কিবা উৰুঙ্গা উৰঙ্গা লাগে।
চন্দ্ৰ-তেনেহলে আমাৰ তাত ময় থাকিম নহয়?
লাবন্য -তাত হলে হাঁহিবৰ মাতিবৰ মন নেযায়।
চন্দ্ৰ-ইয়াত নেথাকা তাতে নপঢ়াগৈ কেনেকৈ।