পৃষ্ঠা:ন-বোৱাৰী.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[২৭]
ন-বোৱাৰী

তহতৰ নিচিন দেব দেবীৰ আওভাও বুজ নেপাও। কথা ক’লেই বিক্‌ছিনা লাগে,— এতিয়া কাৰ গাৰি ডোখৰ খাই থাক থাক।

 লাবন্য— মোক একো নেলাগে। পদজল অকন দিয়ক (লবলৈ যায়)।

 সুভদ্ৰা— ভাত নোখোৱা মানুহক— কিহৰ পদজল লাগে [উছাহ মাৰি গুচি যায়]

 লাবন্য— পিয়াহ লাগিছে— পানী খাবলৈ মুখ মুকলি কৰিব নোৱৰা হলো। বৌযে কৈছে শাহুৱেৰৰ পদজল নেলোৱাকৈ একো নেখাবি। থাওক নেখাও চুযাধো। অ’ নহয়— ৰ’দ থাকোতে চুৰিয়া কেখন মেলি আহো।

[প্ৰস্থান]

তৃতীয় অঙ্ক।

১ম গৰ্ভঙ্ক।

পিতাম্বৰৰ তামুলি চৰা।
লাবন্য লতা আৰু প্ৰেম লতা।

 প্ৰেম— আই অ’। তোক পৰে শলগা শুনো। শাহুৱেৰ আৰু ননন্দৰ হতে ভাল নেপায় কিয়!

 লাবন্য— বৌ! তোমাৰ আগত ভাল নেপায় বুলি কোনে কলে!