পৃষ্ঠা:ন-বোৱাৰী.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[২৪]
ন-বোৱাৰী

 সুভদ্ৰা— মানিকীক পাচ, পটেশ্বৰীক মাতি আনক।

 স্বৰ্ণ— নেলাগে মাতিব। খায় যদি খাওক হি। অ’ সৌৱা— মানিকীৰে সৈতে আহিছে।

[মানিকী আৰু লাবন্যৰ প্ৰবেশ]

 সুভদ্ৰা— (বোৱাৰীয়েকক চায়) কাঁহিতে মাৰৰ মুৰ, বাতিত বাপেৰৰ লাওখোলা— দন হাই কৰি দাহ মাৰ। খাবৰ সময়ত মাতিব নেলাগে বনৰ সময়ত বৰ চাঙ্গত উঠ গৈ?

 স্বৰ্ণ— পৈ সুৱাগী মানুহৰ দস্তুৰ্ৰো এনে। ভিতৰত সোমায় ফোত লব, এবাৰ আৰ্সি চাব, এবাৰ মুৰ আচুৰিব আকৌ লাহ আহিছে নে নাই তাকে চাব তেহে যদি ভাল পায়।

 সুভদ্ৰা— ভাত চাঙ্গি ভৰাই যি কৰে কৰি থাওকগৈ। আমাক কেলৈ লাগিছে লৰাই লাই দিছে, গুণেহে চল পাই চাপৰি বাইছে। নহলে মোৰ মুখে মুখে কথা কবলৈ সাহ পায়!

 স্বৰ্ণ— আহা বৌ! আমি ইয়াত থাকিলে আকৌ দন লাগিব। অগেৱে আতৰ হওঁ।

 সুভদ্ৰা— ভাতে আঁতে নাঁতে চাচোন। ময় ওৰে দিন ধুতি হই থাকিব নোৱাৰো।

 লাবন্য— আঁতিব; বিধুতি হওকগৈ।