পৃষ্ঠা:ন-বোৱাৰী.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[১৬]
ন-বোৱাৰী।

এৰুৱাৰ পৰা নাই বোধ কৰো ভাতো খাবলৈ পোৱা নাই! ভাত পানী খাই হওঁতে যিমান পাৰে বন বাৰি কৰি থাওক— যদিহে খাবলৈ পোৱা নাই বৰ দুঃখৰ কথা। (লাব্যন্যক দেখি) অ’ মোৰ লাহৰী; সোণ চিকুনৰ চিকুনে— প্ৰেম নৈতনো দুবিবলৈ শিকিছে, তুমি দুব মাৰি লুকুৱা মই বিছাৰি উলিয়াম। বেচ্, বেচ্ মোৰ মইনানে কোন— লাহৰিনে কোন— কুক— ভা (ওচৰ চাপি) ময় কলেজত পঢ়োতে কল্পনা ঘৰত যিটি প্ৰেমৰ পুতলা দেখিছিলো তুমিৱেই সেইটি। কি,— ইকি! হৰ্ষত বিষাদ, জোনাকত এন্ধাৰ, অমৃতত বিহ, কুসুমত কীট, সৰ্ব্বনাশ দেখোন কান্দিছে। লাহৰী— সোণ! চুলিবোৰ চিঙ্গিলা কেলৈ? কি হল নোকোৱানো কিৱ? (হাতেৰে ধৰি আনি বিচনাত বহে) কি হ’ল মইনা। কিয় কান্দিছা?

 লাবন্য— এনেৱে।

 চন্দ্ৰ— কোৱাচোন বাৰু, কিনো হ’ল?

 লাবন্য— নাই একো হোৱা নাই।

 চন্দ্ৰ— তেনেহলে কান্দিছা কিয়?

 লাবন্য— নেমাতে।

 চন্দ্ৰ— মোৰ আগত নোকোৱা নহয়নে?

 লাবন্য— কিনো ক’ম?

 চন্দ্ৰ— কেলৈ কান্দিছা।