পৃষ্ঠা:জ্ঞান-মালা.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
জ্ঞানমালা।

 মাক। এতিয়া দেউতাৰে ঘটি টকা আনি দিছেহি দেখি খাবলৈ পাইছা যদি অকস্মাৎ দেউতাৰ নৰিয়া বা কিবা দুৰ্ঘটনা হয় তেতিয়া সাচঁতিয়াৰ টকা নেথাকিলে কৰ পৰা খাবা? টকা নহলে বেজ ঔষধ আনি ৰোগীৰে বা নৰিয়া ভাল কৰিবা কেনেকৈ? সেই সময়ত ৰোগীৰ চিন্তাতে মন অস্থিৰ থাকিব তাৰ উপৰি টকাৰ চিন্তা খোৱাৰ চিন্তা সহা বৰ টান। সেই সময়ত ধুণীয়া কাপোৰ আৰু অলঙ্কাৰে তোমাৰ ভোক নুগুচায় তোমাৰ মনত সন্তোষ ও লগাব নোৱাৰে।

 কমলা। কিন্তু আই ময় যে ভাল বস্তু ভাল পাও।

 মাক। ভাল বস্তু কোনেনো ভাল নেপায? সকলো মানুহে ভাল পায়, কিন্তু সেই বুলি যিহকে ভাল পোবা আগ পিচ নেভাবি তাকে কৰা আমাৰ উচিত নহয। পৰা খিনিলৈহে হাত মেলিব লাগে ভাল বস্তুলৈ হেপাহ হল বুলি আমাৰ ঘৰুৱা অবস্থা পাহৰি যাব নেলাগে। যদি ময় নিজৰ গাৰ সুখৰ কাৰণে মালতীৰ মাকৰ দৰে এজন ৰান্ধনি তিনি চাৰিটাকৈ চাকৰ ৰাখোঁ, তোমাক ঘৰৰ বন নিশিকাই চাকৰৰ হতুয়াই আল ধৰাই মালতীৰ দৰে খালি কিতাপ পঢ়ুয়াই ফুল পাহিৰ দৰে আল ফুল কৰি থও মানুহে মোক বলিয়া বুলিব।