পৃষ্ঠা:জ্ঞান-মালা.djvu/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
জ্ঞানমালা।

 কমলা। কিন্তু, আই তুমিয়ে দেখোন সদায় কৈ থাকা সংসাৰত সকলো ৰকমৰ বিদ্যাকে শিকিব লাগে।

 মাক। সময় আৰু সুবিধা পালে সকলো ৰকমৰ বিদ্যাকে শিকিব লাগে সচাঁ কিন্তু আমাৰ নিচিনা মানুহৰ অৱস্থাত যিটো বিদ্যা বেচি লাগতীয়াল সেইটো বিদ্যাহে তোমাৰ আগেয়ে শিকা উচিত।

 কমলা। তাঁত বোৱা বিদ্যাটো নো কিয় আমাৰ বেচি লাগতীয়াল আৰু তাক নো কিয় সকলে বিদ্যাতকৈ আগেয়ে শিকা উচিত?

 মাক। উলৰ গুণাৰ কাম কৰা বিদ্যাতে যদি তোমাৰ ধাউতি বেচি হয়, এই বিলাক কামত যদি তোমাৰ সময়ৰ সৰহ ভাগ দিয়া পিন্ধা কাপোৰ কেতিয়া ব’বা? উলৰ গুণাৰ কাপোৰ আমাৰ বেশী লাগতীয়াল নে পিন্ধা কাপোৰ বেচি লাগতীয়াল? আমাৰ নিচিনা অবস্থাৰ মানুহে প্ৰথমতে পেটৰ ভাত, গাৰ কাপোৰ আৰু ভবিষ্যতৰ বিপদৰ কাৰণে কিছু টকা সঞ্চয় কৰি লোৱা এই তিনিটা ভাব মনত লৈহে সংসাৰত চলা উচিত। উলৰ কাপোৰ গুণাৰ কাপোৰ অলঙ্কাৰ আদিৰ নিচিনা সৌখিন বস্তুলৈ হেপাহ হোৱা একেবাৰে অনুচিত

 কমলা। কিয় আই?