পৃষ্ঠা:জ্ঞান-মালা.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
জ্ঞানমালা।

টান হৈ গল। কিন্তু হায়! সিহঁতে এই দৰে বন্ধুভাৱে আৰু বেচি দিন থাকিবলৈ নেপালে। কুকুৰটোৰ টান নৰিয়া হল। সেই নৰিয়াতে লাহে লাহে খিণায় শুকায় সি এদিন প্ৰাণ এৰিলে। তাৰ প্ৰিয় বন্ধুৱে যে চিৰ- কাললৈ তাক গৰালত অকলে এৰি গল সিংহই প্ৰথমে তাক বুজ নেপালে। কিন্তু বহুত পৰতো নুঠা দেখি ওচৰলৈ গৈ গা চেলেকি, আদৰ কৰি, নানা উপায়েৰে জগাবলৈ চেষ্টা কৰাতো যেতিয়া নুঠিল সিংহই তেতিয়া শোকত স্থিৰ হৈ গৰালত ইফাল সিফাল কৰি ঘনে ঘনে গৰজি ব্যাকুল ভাবে শোক কৰিবলৈ ধৰিলে। গৰালৰ গৰাকী জনে মৰা কুকুৰটোক বাহিৰ উলিয়াবলৈ চেষ্টা কৰাত সিংহই খঙ্গত উত্ৰাবল হৈ তেওঁক কামুৰিবলৈ খেদি আহি লোহাৰ গৰাল ডাঙ্গি পেলাবলৈ চেষ্টা কৰিলে। সিংহই তাৰ গৰ্জ্জনিৰে চাৰিওফাল কঁপায় অবশেষত অবশভাবে সেই মৰা কুকুৰটোৰ কাষতে শুই পৰিল। সেই দিনাৰ পৰা সি কোনো খোৱা বস্তু মুখলৈ নিনিয়ে, একেবাৰে অনাহাৰত দিন কটায়। জানোবা তেনে আৰু এটা কুকুৰ পালে সিংহৰ শোক পাতল পৰে এই ভাবি গৰাকী জনে সিংহৰ গৰালৰ ভিতৰত আৰু এটা কুকুৰ পেলাই দিলে। কিন্তু সিংহই