পৃষ্ঠা:জ্ঞান-মালা.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জ্ঞানমালা।

এই ডাৱৰবিলাকে কেনেকৈ নিজৰ ৰূপ সলাই বৰষুণৰ ৰূপ ধৰি পৃথিবীত পৰিবলৈ সমৰ্থ হয়? সদায় ঘটিব লাগিছে দেখি অতি সামান্য ভাবি বহুতে এই বিলাক প্ৰশ্ন মনলৈ নানে, কিন্তু এই সামান্য কথাবোৰৰ ইতিহাস জানিব পাৰিলে আমাৰ মনত নথৈ ৰঙ্গ লাগে আৰু এই সামান্য কথাবোৰৰ ইতিহাসেই আমাৰ দেখা আৰু চিন্তা কৰিব পৰা শক্তি বঢ়াই দিয়ে।

 তোমালোক সকলোৱে জানা যে পানীযে তিনি বিধ আকৃতি ধৰিব পাৰে:- জুলীয়া আকৃতি যেনে পানী, গোটমৰা আকৃতি যেন বৰফ বা বৰষুণত পৰা শিল আৰু তাপ পালে পানীয়ে যি আকৃতি ধৰে সেয়ে হল ভাপ বা ধোঁৱা। এই ভাপবিলাকৰ পৰাই ডাৱৰ ও বৰষুণৰ উৎপত্তি হয়।

 এটা টেকেলিত পানী থৈ তলত জাল দিলে দেখিবা জুইৰ তাপ পাই ভিতৰৰ পানীবোৰ ধোঁৱা হৈ টেকেলিৰ মুখে দি ওলাব ধৰিছে। বেচি পৰ জুইৰ ওপৰত থাকিলে টেকেলিটোৰ সকলো পানী নোহোৱা হৈ যাব। এই পানী কলৈ গল? নষ্ট হল নেকি? নষ্ট হোৱা নাই, তাপ পাই পানীৰ পৰমাণুবিলাক ইটো সিটোৰ পৰা আতৰা আতৰি হৈ ভাপ ৰূপে বায়ুত আশ্ৰয়