পৃষ্ঠা:জ্ঞান-মালা.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জ্ঞানমালা।


 এই ঘটনাৰ পৰা আমি ইয়াকে শিক্ষা পাওঁ যে সংসাৰত কোনো বস্তুকে সরু বুলি ঘিণাব নেপায়। কোন ঘটনাত কেতিয়া আমি কাৰ ওচৰত সহায় খুজিব লগীয়াত পৰে। আমাৰ ক্ষুদ্ৰ শক্তিৰে তাক বুজি উঠা টান।

 যিবিলাক গছ লতা সামান্য ভাবি আমাৰ চকুতে নপৰে আৰু নিতে ভৰিৰে গচকি যাওঁ সময়ত ঔষধৰূপে সেই বিলাকেও আমাৰ প্ৰাণৰক্ষা কৰে। ইয়াকে জানি জ্ঞানী বিলাকে বৰ ধনী ও ক্ষমতাৱন্ত হলেও কেতিয়াও অহঙ্কাৰী নহয়।



বৰষুণ।

 পুৱা উঠি দেখিছিলোঁ আকাশ নিৰ্ম্মল। কতো অলপো ডাবৰৰ সঁচ নাই। কিন্তু দুপৰীয়া হঠাৎ ডাৱৰে আকাশ ঢাকি কলা কৰি আনিলে। অলপ পাচতে গিৰগিৰাই বৰষুণ পৰিব ধৰিলে। নিৰ্মল আকাশত এই কলা কলা ডাৱৰবিলাক যে দিছেহি এই ডাৱৰবিলাক নো কিহৰ পৰা উৎপত্তি হল?

 আকাশত ডাৱৰে দেখা দিলেই তোমালোকে বুজা যে অপলতে বৰষুণ আহিব; কিন্তু মোক কব পাৰিবানে