পৃষ্ঠা:জ্ঞান-মালা.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জ্ঞানমালা।

তলখন কাঠৰ আৰু চাৰিওফালে তাৰৰ বেৰা আছে। মই নিশ্চই কৈছোঁ সেই ভয় লগা মেকুৰিটোৰ পৰা মোক ৰক্ষা কৰিবলৈহে সেইটো সাজিছে; কাৰণ তাত খালি মই সোমাব পৰাহে এটা সৰু বাট আছে, সেই বাটে দি মেকুৰিটো সোমোৱা অসম্ভব। আৰু জানানে আই, তেওঁবিলাক এনে ভাল যে তাত এটা মালভোগ কল থৈ দিছে। সেই কলটোৰ পৰা এনে সুন্দৰ মল্‌মলীয়া গোন্ধ ওলাব ধৰিছে যে মই তেতিয়াই তাৰ ভিতৰত সোমাই থাকিলোঁ হেতেন, কিন্তু তোমাক নোসোধাকৈ সোমোৱা বেয়া ভাবি হে তোমাৰ ওচৰলৈ লৱৰি আহিছোঁ সেই ঘৰটোত দুইও থাকিবলৈ আঁটিব। বলা আই আজি ৰাতিটো আমি তাতে থাকোঁ গৈ।

 পুতেকে যেন বৰ বিপদৰ পৰাহে সাৰিলে এনে ভাৱে মাকে তাক বুকত সুমাই কলে, “বাছা, সেই ঘৰটোত সোমোৱাৰ আগেয়ে যে মোক সোধা উচিত, এনে সুবুদ্ধি তোমাৰ মনলৈ অহাৰ বাবে দয়াময় ঈশ্বৰক ময় হাজাৰ হাজাৰ সেৱা কৰিছোঁ সেই ঘৰটোৰ নাম ফান্দ। তাৰ ভিতৰলৈ এবাৰ সোমোৱা হলে আৰু ওলাব নোৱাৰিলা হেতেন। তোমাক তাৰ পৰাধৰি বাহিৰলৈ উলিয়াই হয় মেকুৰিৰ হতুৱাই খুৱালে হেতেন,