পৃষ্ঠা:গাওঁবুঢ়া.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 টেপেৰা।— বাৰু, যি হয় ঘৰত কৰিবিগৈহঁক। এতিয়া দুখত এফেৰি আনদ্ কৰি চাওঁ আহহঁক! সিদিনা জিলাৰ 'ঠেইটাৰ'-ভাওনাত শুনি অহা গাহানটোকে ধৰোঁহঁক।

 কেৰ।— বেচ কথা। মোৰ হ'লে গাহানটো মুখত আহি আছে। ছেৱে-ছেৱে পাক এটাও দিওঁ, ধৰিবিহঁকচোন:— (কেৰপায়ে লগাই দিয়ে, চাৰিওটাই গীত গাই গাই ঘূৰি ঘূৰি নাচে।)

গীত
খট,——কাশ্মিৰী খেম্‌টা।
আমি চাৰি গাওঁবুঢ়া,
চাৰিগোট ঢেঁকী-থোৰা;
ৰাতি-দিনে কাম বানি হওঁ এধামৰা!    (আমি গাওঁবুঢ়া)
বাহিৰত বৰ-কথা,
ভিতৰত কন্দা-কটা;
ঘৰে-পৰে খকা-খুন্দা গৰিহণা খাই ফুৰা!    (আমি গাওঁবুঢ়া)
ঘৰৰ খোৰাক খাই,
পৰৰ কাম চলাই,
ঘূৰি ফুৰোঁ দিনে-ৰাতি অনাহাৰী বিষৈখোৱা!    (আমি গাওঁবুঢ়া)



যৱনিকাপাত